অন্ধ্ৰপ্ৰদেশত আবদ্ধ নগাঁৱৰ ৪১ গৰাকী  নাগৰিক

IMG 20200419 194910

তলাবন্ধৰ ফলত বহি:ৰাজ্যত কৰ্মৰত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কে’বাশ শ্ৰমিক আৱদ্ধ হৈ আছ । বিশেষকৈ কেৰেলা, অন্ধ্ৰপ্ৰদেশ, বাংগালুৰু, কলকতা, মুম্বাই আদি ৰাজ্যত আৱদ্ধ হৈ আছে এই লোক সকল । এই লোক সকলৰ ভিতৰত আছে বিভিন্ন কোম্পানীত কৰ্মৰত শ্ৰমিক, চিকিউৰিটি গাৰ্ড, ৰোগী, ৰোগীৰ আত্মীয়, তীৰ্থযাত্ৰীআৰু ছাত্ৰ-ছাত্ৰী । বহি:ৰাজ্যত আৱদ্ধ হৈ থকা এই লোক সকলৰ হাতৰ ধন শেষ হৈ পৰাত ভীষণ সমস্যাৰ সন্মুখীন হৈছে । ধনৰ অভাৱত প্ৰয়োজনীয় খাদ্য পৰ্যন্ত সংগ্ৰহ কৰিবলৈ সক্ষম নোহোৱাত অৰ্দ্ধাহাৰ, অনিদ্ৰাৰে চৰম অনিশ্চয়তাৰ মাজত দিন কটাব লগীয়া হৈছে।

ইপিনে, সুদুৰ অন্ধ্ৰপ্ৰদেশত আৱদ্ধ হৈ আছে অসমৰ ৩৩গৰাকী লোক । তীব্ৰ খাদ্য সংকটত আৰু নিৰাপত্তা হীনতাত ভুগি সম্প্ৰতি অসহায় হৈ পৰিছে এই লোকসকল । অভাৱনীয় ভাৱে আহি পৰা এই লকডাউনৰ ফলত এই লোকসকলে চকুলোৰে বাট নেদেখা হৈছে। ঘনে ঘনে অসমৰ আত্মীয় স্ব-জনলৈ ফোন কৰি সুফল লাভ কৰিবলৈ সক্ষম হোৱা নাই এওঁলোক। বিগত ২৬ দিনে দেশব্যাপি আহ্বান জনোৱা সৰ্বাত্মক বন্ধৰ পৰিপ্ৰেক্ষিতত এই শ্ৰমজীৱি নাগৰিক সকল আবদ্ধ হৈ হতাশ হৈ পৰিছে। আনকি তেওঁলোকৰ হাতত থকা টকা-পইচা শেষ হোৱাৰ বাবে আৰু অধিক উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। যাৰ বাবে অনাহৰে মৰাৰ বিপৰীতে লৈছে তেওঁলোকৰ জনমভূমি অসমত মৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মৃত্যু বৰণৰ সংকল্প লৈ প্ৰায় ২৫০০কি:মি: পথ খোজ কাঢ়ি অসমলৈ অহাৰ মৰসাহ বুকুত বান্ধিছে অসমৰ আৱদ্ধ লোককেইজনে ।কেৱল হাতত পানী বটল লৈ সাজু হৈ অসম অভিমূখে আহিবলৈ প্ৰস্তত হৈছে ৩৩ গৰাকী লোক ।

আৱদ্ধ লোক সকলৰ মাজত এজন ব্যক্তিৰ কিছুদিন পূৰ্বে অস্ত্ৰোপচাৰো কৰা হৈছিল। ফলস্বৰূপে ৰোগীয়া লোকজনৰ বাবে সমস্যাত পৰিছে অসম অভিমুখী দূৰ্ভগীয়া দলটি । জানিব পৰা মতে- অন্ধপ্ৰদেশৰ প্ৰকাশম জিলাৰ অংগূলৰ  কোম্পানীত কৰ্মৰত আছিল এই লোকসকল ।  উক্ত লোক সকলৰ অধিকাংশৰ ঘৰ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ বিভিন্ন ঠাইত । তেওঁলোকে জনোৱা মতে- দলটোত  শিশু – মহিলাৰ সৈতে সৰ্বমুঠ ৪১জন লোক আৱদ্ধ হৈ আছে । প্ৰথম অৱস্থাত কোম্পানীৰ ফালৰ পৰা কিছু সহায় আগবঢ়াইছিল যদিও সেয়া পৰ্যাপ্ত নাছিল । চৰকাৰী হেল্পলাইনত যোগাযোগ কৰিও কোনো সহাঁৰি নোপোৱাৰ অভিযোগ উত্থাপিত কৰিছে লোককেইজনে । তদুপৰি    অসমৰ বহু কেইজন লোকৰে যোগাযোগ হোৱা সত্বেও এই পৰ্যন্ত সহায় পোৱা নাই আৱদ্ধ লোককেইজনে । স-হৃদয় লোকক আৰ্তজনক সহায়ৰ বাবে অনুৰোধ জনাইছে।

 

Exit mobile version