প্ৰসংগঃ কৰ’না ভাইৰাছ

Sarbananda Sonowal e1545614338189

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰে, গুজৰাটৰ মুখ্যমন্ত্ৰী বিজয় ৰূপানী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী আশোক গেহলট, অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী ৱাই এছ জগনমোহন ৰেড্ডী, কেৰেলাৰ মুখ্যমন্ত্ৰী পি বিজয়ন আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডিয়ুৰাপ্পাৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰি তলাবন্ধৰ সময়ছোৱাত বহিঃৰাজ্যৰ কেইখনত আৱদ্ধ হৈ থকা অসমৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু প্ৰয়োজনীয় সা সুবিধা আগবঢ়োৱাৰ বিষয় সন্দৰ্ভত আলোচনা কৰে । ইতিমধ্যে বহিঃৰাজ্যত আৱদ্ধ হৈ থকা লোকসকলৰ কাৰণে অসম চৰকাৰে বিভিন্ন সহায় কৰি আহিছে যদিও সংশ্লিষ্ট ৰাজ্যকেইখনৰ তৰফৰ পৰাও সহায় সহযোগিতা লাভ কৰিলে এই লোকসকলে অলপ সকাহ পাব৷ সেই উদ্দেশ্যই মুখ্যমন্ত্ৰী সোনোৱালে সংশ্লিষ্ট ৰাজ্যকেইখনৰ লগত বাৰ্তালাপ কৰে ৷ মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ইতিমধ্যে বিভিন্ন ৰাজ্য চৰকাৰলৈ অসম চৰকাৰে এই সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে ৷

আনহাতে মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ৰাজ্যখনৰ বিভিন্ন জিলা ভ্ৰমণ কৰি ক’ভিড ১৯ সংক্ৰমণ প্ৰতিৰোধ ব্যৱস্থাৰ বুজ লোৱাৰ সময়ত জিলা প্ৰশাসনসমূহে এই দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলী পৰ্যবেক্ষণ কৰাৰ উপৰি বহিঃৰাজ্যৰ লোকসকলক সুৰক্ষিত কৰি ৰখা আৰু তেওঁলোকক প্ৰয়োজনীয় সা সুবিধা আগবঢ়োৱাৰ বিষয়টোও পৰ্যালোচনা কৰিছে বুলিও জানিবলৈ দিয়ে ৷ আলোচনাৰ সময়ত মুখ্যমন্ত্ৰী সোনোৱালে অসমত ক’ভিড১৯ত আক্ৰান্তলোকসকলৰ চিকিৎসা,তথা কিছুসংখ্যক লোকক কোৱাৰেন্টাইনত ৰখাৰ কথাও আটাইকেইগৰাকী মুখ্যমন্ত্ৰীক অৱগত কৰায় ৷ আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক আটাইকেইগৰাকী মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ৰাজ্যত বন্দী হৈ থকা লোকসকলৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থা ল’ব বুলি আশ্বাস প্ৰদান কৰে ।

Exit mobile version