বৃন্দাবনত আবদ্ধ খুমটাইৰ ৩০ গৰাকী তীৰ্থযাত্ৰী

20200419 161421

সমগ্র দেশত চলি থকা তলাবন্ধৰ ফলত এতিয়া বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা খুমটাইৰ ৩০ গৰাকী তীৰ্থযাত্ৰী যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ্য যে খুমটাইৰ বৰফলং চাহ বাগিচাৰ ৩০ জন লোক ৮ মাৰ্চত মুখ্যমন্ত্ৰীৰ ধৰ্মজ্যোতি আঁচনিৰ জৰিয়তে তীৰ্থযাত্ৰাৰ বাবে বৃন্দাবনলৈ গৈছিল।  কৰ’নাৰ ত্ৰাসৰ বাবে সমগ্র দেশতে ঘোষণা কৰা তলাবন্ধৰ বাবে বৃন্দাবনত আবদ্ধ হৈ থকা যাত্ৰীসকল ঘৰলৈ উভতি আহিব নোৱাৰাৰ উপৰিও খোৱা বোৱা যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত বৃন্দাবনৰ বৰফলং বাগিচাৰ লোকসকলে সংবাদ মাধ্যম যোগে তেওঁলোকক অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে।
অন্যহাতে, কলিয়াবৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈয়েও পত্ৰৰ জৰিয়তে তীৰ্থযাত্ৰালৈ যোৱা লোকসকলক ঘৰলৈ ঘূৰাই আনিবলৈ চৰকাৰক আহ্বান জনাইছে। উত্তৰ প্ৰদেশ চৰকাৰে তেওঁলোক অহাৰ ক্ষেত্ৰত সহায়ৰ আশ্বাস দিছে যদিও তেওঁলোকে বাট চাই আছে অসম চৰকাৰৰ অনুমতিলৈ। ইপিনে, এনেকৈ আৰু কেইদিনমান তীৰ্থযাত্ৰীসকল বৃন্দাবনত থাকিবলগীয়া হ’লে খাদ্য সংকটৰ বাবে অনাহাৰে থাকি তেওঁলোকৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিব বুলি জানিব দিছে।

Exit mobile version