কৰ’না ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা বহু লোকৰ মৃতদেহ পৰ্যন্ত গ্ৰহণ কৰা নাই পৰিয়ালৰ লোকে কিন্ত এনে অৱস্থাত আকৌ এটা ষাড়ঁৰ মৃত্যুত সমবেত হ’ল কে’বাশ মানুহ । তলাবন্ধৰ নিয়ম উলংঘা কৰি এটা ষাড়ঁৰ শেষকৃত্য সম্পন্ন কৰে তামিলনাডুৰ মুধুবাৰাপট্টি নামৰ গাওঁত । চলিত সপ্তাহতে তামিলনাডুৰ জাল্লিকাটু উৎসৱত অংশগ্ৰহণ কৰা এটা ষাড়ঁ গৰুৰ মৃত্যু হয় । জাল্লিকাটুত অংশ লোৱা ষাড়ঁবোৰৰ স্থানীয় মানুহৰ মাজত যথেষ্ট মৰ্যাদা আছে । এনে ষাড়ঁৰ মৃত্যুত মানুহৰ দৰেই নীতি-নিয়ম পালন কৰি সৎকাৰ কৰাৰ নিয়ম আছে । মৃত ষাড়ঁ গৰুটোৰ ওপৰত দিয়া হৈছে ফুল ,মালা আদি। ধূপ জ্বলাই ষাড়ঁ গৰুটোৰ গাড়ীৰ আগে-পিছে সমদল কৰি গৈছে কে’বাশ লোক । মুখত কোনো আৱৰণ নোলোৱাকৈয়ে ষাড়ঁগৰুটোৰ অন্তিম যাত্ৰাত সামাজিক দূৰত্ব নামানি অংশ ললে এইসকল লোকে । এই দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰে । এই বিষয়টো সমালোচনা কৰিছে বিভিন্ন জনে । উল্লেখ্য যে তামিলনাডুত ১২শ ৰ অধিক লোক এই পৰ্যন্ত ক’ভিড-১৯ ত আক্ৰান্ত হৈছে ,তৎসত্বেও সতৰ্ক নহয় অধিকাংশ লোক । সমগ্ৰ দেশতে এনে তলাবন্ধ ভঙা নিয়ম সংঘটিত হৈ আছে ।
ষাড়ঁৰ অন্তিমযাত্ৰাত কে’বাশ লোকৰ ভিৰ তামিলনাডুত
-
By publisher

In this picture taken on April 13, 2020 villagers gather around the body of a racing bull during its funeral in Madurai. - Some 200 mourners defied India's national coronavirus lockdown to pay their last respects to a bull adored for his race-winning heroics and revered as a deity, an official said April 16. (Photo by - / AFP)
ADVERTISEMENT
- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGAINST COVID-19INDIA FIGHTS CORONAJallikattu festivalLockdownTAMIL NADU
Related Content
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
By
publisher
May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
By
publisher
May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
By
publisher
May 10, 2025