সুস্থ হৈ পুনৰ চিকিৎসালয়ৰ পৰা বিদায় ল’লে ছজনে

coronavirus4m utz5jt

অসমত ক’ভিড-১৯ ত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা এগৰাকী মহিলাসহ ছজনক আজি সুস্থ হৈ উঠাৰ পৰিপ্ৰেক্ষিতত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। ইয়াৰে এজন ডিমাপুৰৰ লোক আৰু তেওঁ আক্ৰান্ত হোৱাৰ পৰিসংখ্যা নাগালেণ্ডত পঞ্জীয়ন হৈ আছে ৷ আজি যাবলৈ দিয়াসকলৰ ভিতৰৰ চাৰিজন মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয় আৰু দুজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হৈ আছিল । এই স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে যে কাইলৈও লখিমপুৰ আৰু সোনাপুৰৰ চিকিৎসালয়ত থকা দুজন ৰোগীক যাবলৈ দিয়াৰ সম্ভাৱনা আছে ৷ মন্ত্ৰীজনে লগতে সম্ভাৱনা ব্যক্ত কৰে যে চলিত মাহৰ ভিতৰতে চিকিৎসাধীন আন ৰোগী কেইজনো ঘৰলৈ যাব পাৰিব ৷

আজি মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া ৰোগীকেইজন হ’ল মহম্মদ শ্বাহৰুখ,মফিজুদ্দিন,জমিলা খাতুন আৰু মহম্মদ আশ্ৰাফ ৷আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা যাবলৈ দিয়া হয় মনিষ তীব্ৰেৱাল আৰু ডিমাপুৰৰ ৰাজা জৈনক ৷ ড° শৰ্মাই সদৰি কৰা অনুসৰি অসমত এই ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা লোকৰ সংখ্যা আজি ১৬ জনলৈ হ্ৰাস পায় ৷উল্লেখযোগ্য যে অসমত এই পৰ্যন্ত ৩৪ জন লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছিল ৷তাৰে এজনৰ মৃত্যু হয় ৷আনহাতে সুস্থ হৈ চিকিৎসালয়ৰ পৰা বিদায় লোৱা লোকৰ সংখ্যা হ’ল ১৭ জন ৷ইপিনে চিকিৎসালয়ৰ পৰা বিদায় দিলেও আটাইকেইজন লোক অহা ১৪ দিনৰ বাবে স্বাস্থ্য বিভাগৰ নিৰীক্ষণত থাকিব। আজি প্ৰতিজন ৰোগীকে বিদায় দিয়াৰ সময়ত স্বাস্থ্যমন্ত্ৰী ড° শৰ্মাই ফলমূল আৰু অন্যান্য সামগ্ৰীৰ টোপোলা আগবঢ়ায় ৷

Exit mobile version