হৃষীকেশত গুহাত আবদ্ধ বিদেশীক উদ্ধাৰ

rishikesh

কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে দেশজুৰি তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বহুলোক বিভিন্ন ঠাইত আবদ্ধ হ’ব লগা হৈছে । যোৱা এমাহ ধৰি উত্তৰাখণ্ডৰ এটি গুহাত আবদ্ধ হৈ আছে পাঁচখনকৈ বিদেশী ৰাষ্ট্ৰৰ ছয় পৰ্যটক । পৰ্যটক কেইজনৰ তিনিজন পুৰুষ তথা তিনি গৰাকী মহিলা । ইয়াৰে ভিতৰত দুগৰাকী ইউক্ৰেইনৰ। বাকী চাৰি গৰাকী ক্ৰমে তুৰস্ক, মাৰ্কিন যুক্তৰাষ্ট্ৰ, ফ্ৰান্স আৰু নেপালৰ বাসিন্দা । প্ৰায় দুমাহ পূৰ্বে পৰ্যটককেইজন হৃষীকেশলৈ আহিছিল। তলাবন্ধৰ বাবে তেওঁলোক  উভতি যাব নোৱাৰিলে নিজ নিজ দেশলৈ ।বিদেশী কেইজন গুহাত থাকিবলৈ বাধ্য হোৱাৰ অন্তৰালত আছিল অৰ্থভাৱ। হাতত থকা টকা-পইচাৰ লগতে অৱশিষ্ট সকলো শেষ হ’বলৈ লোৱাত গুহাই হৈ পৰিছিল তেওঁলোকৰ অন্তিম আশ্ৰয়স্থল।

যোৱা শনি বাৰে  স্থানীয় বাসিন্দাসকলে এই বিদেশী কেইগৰাকীৰ খবৰ আৰক্ষীক দিয়ে । পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযান চলাই লক্ষ্মণঝোলাৰ কাষৰে এটি গুহাৰ পৰা আটাইকেইগৰাকীকে উদ্ধাৰ কৰি থানালৈ লৈ যায়।আৰক্ষীৰ দলটোৰ নেতৃত্বত থকা ৰাজেন্দ্ৰ সিং কাটাইথে জনোৱা অনুসৰি বিদেশী পৰ্যটক কেইগৰাকীয়ে নিজৰ লগত থকা সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰিয়েই গুহাবাসী হৈছিল । কাঠ জ্বলাই নিজৰ খাদ্য আদি প্ৰস্তুত কৰিছিল । পানীৰ অভাৱ দূৰ কৰিছিল গঙ্গাৰ পৰা । এনেভাৱে ই তলাবন্ধৰ দিন পাৰ কৰি গৈছিল।আৰক্ষীক পৰ্যটক কেইগৰাকীয়ে জনোৱা অনুসৰি  হোটেলত থাকিব পৰাকৈ ধনৰ অভাৱ হোৱাত গুহাত থকাৰ বাহিৰে আন কোনো বিকল্প নাছিল । তলাবন্ধৰ প্ৰথম পৰ্যায়ত ২৪ মাৰ্চতে আটাইকেইগৰাকীয়ে গুহাৰ বাসিন্দা হয়।বৰ্তমান আটাইকেইগৰাকীকে কোৱাৰেণ্টাইন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হৈছে । ক’ভিড ১৯ৰো পৰীক্ষা কৰা হৈছে । আটাইকেইগৰাকীৰে পৰীক্ষাৰ প্ৰতিবেদন ‘নিগেটিভ’ পোৱা গৈছে । উত্তৰাখণ্ডৰ আৰক্ষীয়ে ধাৰণা কৰা অনুসৰি হৃষীকেশত বৰ্তমানো প্রায় ছয়-সাতশ বিদেশী আবদ্ধ হৈ আছে । এই বিদেশী সকলে নিজস্বভাৱেই নিজ নিজ দূতবাসৰে যোগাযোগ অব্যাহত ৰাখিছে । নিজ নিজ দূতবাসৰ মাধ্যমেৰে স্বৰাষ্ট্ৰলৈ  উভতি যাব ।

Exit mobile version