আজি বিশ্বৰ ধৰিত্ৰী দিৱস 

earth arbor flipped 800

আজি ২২ এপ্ৰিল অৰ্থাৎ বিশ্ব ধৰিত্ৰী দিৱস । প্ৰকৃতি আৰু পৰিৱেশ সম্পৰ্কে বিশ্বজুৰি সচেতনতা গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰতিবছৰে আজিৰ দিনটোতে সমগ্ৰ বিশ্বতে পালন কৰা হয় ধৰিত্ৰী দিৱস ভাৰতৰো বিভিন্ন প্ৰান্তত বিগত সময়ত উদযাপিত হৈ আহিছে এই দিৱস । আজিৰ এই বিশেষ দিনটোৰ উপলক্ষে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে  কয়, “ধৰিত্ৰী দিৱস হৈছে ধৰিত্ৰী আইয়ে আমাক দি অহা সীমাহীন স্নেহ আৰু অমূল্য সম্পদবোৰৰ বাবে কৃতজ্ঞতা জনোৱাৰ এটি বিশেষ মুহূৰ্ত । ধৰিত্ৰী আইৰ প্ৰতি আমাৰ বহু কৰণীয় আছে আৰু আমি প্ৰকৃতাৰ্থত কিমান দায়িত্বশীল হৈছোঁ, সেয়া জুখি চোৱাৰ এয়া সঠিক সময়। এই দায়িত্বশীলতাৰ মাজতে মানৱ সভ্যতাই সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ সমাধান লুকাই আছে।”

উল্লেখ্য যে প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস  পালন কৰি অহা হৈছে । এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে’ নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে। ১৯৬৯ চনত চান ফ্ৰান্সিস্ক’ত হোৱা ইউনেস্ক’ৰ এক আলোচনাচক্ৰত শান্তি উদ্যোগী (peace activist) জন মেককনেলে শান্তিৰ ভাৱ আৰু পৃথিৱীৰ সন্মানাৰ্থে এই দিনটোৰ বাবে প্ৰস্তাৱ দিয়ে। ১৯৭০ চনৰ উত্তৰ গোলাৰ্ধৰ বসন্তৰ প্ৰথম দিন ২১ মাৰ্চ তাৰিখে এই দিনটো প্ৰথমবাৰৰ বাবে পালন কৰা হয়। প্ৰকৃতিৰ এই সন্তুুলনৰ দিনটো (বিষুব সংক্ৰান্তি) মেককনেলে লিখা আৰু চেক্ৰেটেৰী জেনেৰেল ইউ থান্ট (U Thant)-এ চহী কৰা এখন চনদৰ যোগেদি অনুমোদন কৰা হয়। এমাহ পাছত ২২ এপ্ৰিল ১৯৭৭ চনৰ দিনা আমেৰিকান চিনেটৰ গে’লৰ্ড নেলচনৰ উদ্যোগত অন্য এক ধৰিত্ৰী দিৱস পালন কৰা হয়। পাচত নেলচনক তেওঁৰ কামৰ বাবে প্ৰেচিডেন্সিয়েল মেডেল অব ফ্ৰিডম বঁটা প্ৰদান কৰা হয়। ডেনিচ হেইচৰ উদ্যোগত ১৯৯০ চনত ইয়াক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা হয় আৰু ১৪১ খন দেশত ইয়াক পালন কৰা হয়। অনেক সংগঠনে এই সময়তে পৰিবেশ সংৰক্ষণৰ বিষয়ক ধৰিত্ৰী সপ্তাহ পালন কৰে।

Exit mobile version