কৰ’নাই দিশহাৰা কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক

Donald Trump 4 20 REUTERS TT

মহামাৰী কৰ’নাই সম্প্ৰতি আমেৰিকা যুক্তৰাষ্ট্ৰ তথা আমেৰিকাবাসীৰ পক্ষে বিভিন্ন সিদ্ধান্ত ল’বলৈ বাধ্য কৰাইছে 

ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক ৷ সম্প্ৰতি কৰ’না মহামাৰীৰ পিছতো যাতে আমেৰিকাৰ নাগৰিকৰ কৰ্ম সংস্থাপন সুৰক্ষিত থাকে তাৰ কাৰণে অস্থায়ীভাৱে ইমিগ্ৰেশ্যন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ৷ সোমবাৰে টুইটাৰ যোগে ট্ৰাম্পে ঘোষণা কৰে “কৰ’না ভাইৰাছৰ কাৰণে আমেৰিকাৰ নাগৰিকৰ চাকৰি ৰক্ষাৰ স্বাৰ্থত যুক্তৰাষ্ট্ৰখনে অস্থায়ীভাৱে ইমিগ্ৰেশ্যন স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে । ইফালে ট্ৰাম্পৰ এই সিদ্ধান্তই ক্ষতিগ্ৰস্ত কৰিব দক্ষিণ পূব এছিয়াৰ কিছু সংখ্যক জনসাধাৰণক ৷ কাৰণ প্ৰতি বছৰে ভাৰত তথা বাংলাদেশৰ পৰা বহু প্ৰতিভাশালী ব্যক্তি চাকৰিৰ সন্ধানত আমেৰিকালৈ যাত্ৰা কৰে ৷ কিন্তু এই সময়ত মাৰ্কিন অৰ্থনীতিক কৰ’না ভাইৰাছে ধৰাশায়ী কৰিছে । ইতিমধ্যে কৰ’নাই প্ৰায় ২কোটি ২০ লাখ মানুহক নিবনুৱা কৰিছে আমেৰিকাত । ইয়াৰ ভিতৰত বহু ভাৰতীয়ও আছে ৷ আৰু অনাগত দিনত বহু ভাৰতীয়ই কৰ্ম সংস্থাপন হেৰুৱাৰ আংশকা আছে। মাৰ্কিন যুক্তৰাষ্ট্ৰত সম্প্ৰতি কৰ’না মৃত্যুদূতত পৰিণত হৈছে ৷ তাৰ মাজতে ড’নাল্ড ট্ৰাম্পে চীনৰ বিৰুদ্ধে বিভিন্ন সময়ত কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৷ ইয়াৰ মাজতে আমেৰিকাৰ ইমিগ্ৰেশ্যনৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তক সহজ ভাৱে ল’ব পৰা নাই বন্ধু দেশ ভাৰতে ৷

Exit mobile version