মঙ্গলবাৰে অসম পশুধন তথা হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়াৰ স’তে মন্ত্ৰী অতুল বৰাই নিগমৰ খানাপাৰাস্থিত কাৰ্যালয়ৰ চৌহদত থকা ছাগলীৰ আধুনিক বিজ্ঞানসন্মত কচাইখানা পৰিদৰ্শন কৰে। ইয়াৰ মাজতে মন্ত্ৰীজনে নিগমৰ খানাপাৰাস্থিত কাৰ্যালয়ত দ্য নৰ্থ ইষ্ট প্ৰগ্ৰেছিভ পিগ ফাৰ্মাৰ্ছ এছ’চিয়েচন, চমুকৈ নেপফাৰ উপদেষ্টা তথা ICAR/AICRP & Mega Seed Project, AAU Khanapara ৰ মুখ্য বিজ্ঞানী ডঃ ধীৰেশ্বৰ কলিতা, নেপফাৰ সভাপতি মনোজ বসুমতাৰী আৰু উপ-সভাপতি ৰুনা ৰফিকৰ লগতে সংস্থাটোৰ কিছু সংখ্যক সদস্যৰ স’তে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় | এই সংক্ৰান্তত মন্ত্ৰীজনে কয়, ” অনাগত দিনবোৰত গাহৰি পালনৰ ক্ষেত্ৰখনক কিদৰে অৰ্থনৈতিক স্বাৱলম্বিতাৰ আধাৰ হিচাপে গঢ়ি তুলিব পাৰো সেই সন্দৰ্ভত আলোচনা কৰোঁ। উত্তৰ পূৰ্বাঞ্চলৰ গাহৰি পালনৰ ক্ষেত্ৰত সংস্থাটোৱে এক ব্যৱসায়িক দৃষ্টিভংগীৰে জন্মলগ্নৰেপৰা নিৰবিছিন্নভাৱে কাম কৰি আহিছে । দেশৰ অন্যান্য প্ৰান্তৰ দৰেই অসমতো গাহৰি পালনক এক উৎকৃষ্ট উদাহৰণৰূপে দাঙি ধৰাৰ ক্ষেত্ৰত সকলো প্ৰকাৰে সহায়-সহযোগিতা আগবঢ়াবলৈ আমি সংকল্পবদ্ধ ।”
ছাগলীৰ আধুনিক বিজ্ঞানসন্মত কচাইখানা পৰিদৰ্শন মন্ত্ৰী অতুল বৰাৰ
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONAAtul BoraCovid-19FIGHT AGAINST COVID-19Lockdown
Related Content
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে 'অপাৰেচন সিন্দূৰ'
By
publisher
May 11, 2025
'ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু...'! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
By
publisher
May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
By
publisher
May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
By
publisher
May 10, 2025
ভাৰত-৫, পাকিস্তান-৩... বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
By
publisher
May 10, 2025