টেক্সী চালকক প্ৰাপ্য সন্মান দিলে চিকিৎসকে 

1587352368 Hospital delivered free of charge to patients suffering from Corona

স্পেইনৰ এখন হাস্পতালৰ এক দৃশ্যই সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে । উক্ত হাস্পতাললৈ মাতি পঠিওৱা হয় এজন টেক্সী চালকক । চালকজনে দুৱাৰ খুলি ভিতৰত প্ৰৱেশ কৰাৰ লগে লগে ৰিচেপস্যন কাউন্টাৰৰ সন্মুখত থিয় হৈ সকলোৱে তেওঁক কৰতালিৰে অভিবাদন জনায়। সম্প্ৰতি এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । টেক্সী চালকজনেও প্ৰথমে হতভম্ব হৈ পৰে ।কাৰ বাবে এই কৰতালি সেয়াও তেওঁ প্ৰথমে বুজিব পৰা নাছিল । পাছতহে গম পালে যে তেওঁক সম্ভাষণ জনোৱা হৈছে । সন্মুখৰ শাৰীত থাকি যিসকলে কৰ’না ভাইৰাছৰ বিৰুদ্ধে সংগ্ৰামত লিপ্ত হৈছে ,তেওঁলোকক সমগ্ৰ বিশ্বই ধন্যবাদ জ্ঞাপন কৰিছে ।তেনে এজন লোকৰ প্ৰতিয়ে কৃতজ্ঞতা প্ৰকাশ কৰিলে স্পেইনৰ উক্ত হাস্পতাল খনৰ চিকিৎসক -নাৰ্ছে।

আচলতে সেই টেক্সী চালক জনে এনে আপাতকালীন পৰিস্থিতিত দিনে-নিশাই যিকোনো স্থানলৈ বিনামূলীয়া সেৱা আগবঢ়াই আহিছিল । তেওঁক মতাৰ লগে লগেই ৰোগীক নি হাস্পতাললৈ নিয়াৰ বাবে উপস্থিত হৈছিল । ইয়াৰ বাবে কোনো ধনো তেওঁ লোৱা নাছিল । টেক্সী চালক জনৰ এনে নিঃস্বাৰ্থ সেৱা প্ৰত্যক্ষ কৰিয়ে উক্ত হাস্পতাল খনৰ চিকিৎসক -নাৰ্ছে-স্বাস্থ্যকৰ্মী সকলে তেওঁক সন্মান জনোৱাৰ সিদ্ধান্ত লয় । ভিডিঅ’ত দেখা গৈছে যে টেক্সী চালক জনৰ হাতত দুটা খামো তুলি দিয়া হৈছে । মাৰ্কা নামৰ এটা প’ৰ্টেলে উক্ত ভিডিঅ’টো টুইট কৰিছে । টুইটত সেই খাম টোত কিছু টকা থকা বুলি ও কোৱা হৈছে।

Exit mobile version