কৰ’না ভাইৰাছৰ ফলত সৃষ্টি হোৱা ৰাজ্যৰ আৰ্থিক সংকটৰ জোৰা মৰাৰ উদ্দেশ্যে বুধবাৰৰ পৰা পেট্ৰল-ডিজেলৰ অভাৱনীয় মূল্যবৃদ্ধি ঘটালে ৰাজ্য চৰকাৰে | সমগ্ৰ বিশ্বত চাহিদা হ্ৰাসৰ ফলত ইন্ধনৰ মূল্য ব্যাপক হাৰত ক্ৰমাগতভাৱে হ্ৰাস হৈ থকাৰ সময়তে অসম চৰকাৰে নিজাববীয়াকৈ মূল্য নিৰ্ধাৰিত কৰ (ভেট) ৰ পৰিমাণ ডিজেলত ৫.৪৩ টকা আৰু পেট্ৰ’লত ৫.৮৫ টকা বৃদ্ধিৰ সিদ্ধান্ত মঙ্গলবাৰে গ্ৰহণ কৰে | মঙ্গলবাৰে মাজনিশা পৰা কাৰ্যকৰী হোৱা বৰ্ধিত এই কৰৰ ফলত অসমত ডিজেলৰ প্ৰতি লিটাৰত মূল্য বৰ্তমানৰ ৬৫.০৭ টকাৰ পৰা ৭০.৫০ টকালৈ বৃদ্ধি পালে | একেদৰে পেট্ৰ’লৰ মূল্য বৰ্তমানৰ ৭১.৬১ টকাৰ পৰা ৭৭.৪৬ টকালৈ বৃদ্ধি পালে | যিসময়ত দীঘলীয়া তলাবন্ধৰ ফলত ইতিমধ্যে সাধাৰণ লোকসকল জুৰুলা হৈ পৰিছে তেনে ক্ষেত্ৰত বিশেষকৈ এই মূল্য বৃদ্ধিয়ে অধিক মাধমাৰ সোধোৱাতো এক প্ৰকাৰৰ নিশ্চিত হৈ পৰিছে | কাৰণ ডিজেলৰ অভাৱনীয় পৰিমাণৰ মূল্য বৃদ্ধিয়ে পৰিবহণ ব্যয় যথেষ্ট বৃদ্ধি কৰিব |
তলাবন্ধৰ মাজতে অসমত ইন্ধনৰ অভাৱনীয় মূল্যবৃদ্ধি : পেট্ৰ’লত ৫.৮৫-ডিজেলত ৫.৪০ টকা বৃদ্ধি
-
By publisher

- Categories: COVID-19, News
- Tags: ASSAM FIGHTS CORONACovid-19DIESELFIGHT AGAINST COVID-19PETROL
Related Content
এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
By
publisher
March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
By
publisher
March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
By
publisher
March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
By
publisher
March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
By
publisher
March 11, 2026