নিজৰ কষ্টোপাৰ্জিত ধন মানৱ সেৱাৰ হকে দান কৰিলে কাশ্মীৰৰ মুছলমান বৃদ্ধাই

Khalia2

এগৰাকী মানৱ প্ৰেমী বৃদ্ধা।নাম  খালিদা বেগম । কাশ্মীৰৰ ৮৭ বছৰীয়া এই মহিলা গৰাকীয়ে দীর্ঘ দিনৰ পৰা মনত পুহি ৰাখিছিল মক্কাত হজ কৰিবলৈ যাব বুলি।প্রস্তুতিও প্ৰায় আৰম্ভ কৰিছিল ।কিন্তু বৃদ্ধা গৰাকীৰ মনৰ ইচ্ছাক মষিমূৰ কৰিলে ক’ৰনা ভাইৰাছৰ সংক্ৰমণৰ ৰোধৰ ফলত হোৱা তলাবন্ধই ।বহু দিনৰ পৰা টকা ৫লাখ জমা কৰি ৰাখিছিল হজ লৈ যাব বুলি কিন্তু সকলো পৰিকল্পনাই নষ্ট হ’ল মহিলা গৰাকীৰ ।কিন্ত মহিলা গৰাকীয়ে ঠিৰাং কৰিলে এই টকা খিনি দান কৰিব কাশ্মীৰৰ দৰিদ্ৰ লোক সকলৰ সাহায্যৰ বাবে ।

দেশ জুৰি হৈ থকা তলাবন্ধত দুবেলা দুমুঠি উপাৰ্জন কৰি খাই থকা দৰিদ্ৰ লোক সকল বহু বিবুদ্ধিত পৰিছে সেই লোক সকলক সহায়ৰ হাত আগবঢ়াবলৈ নিজৰ কষ্টোপাৰ্জিত সাঁচতীয়া ধন খিনি দান কৰিলে আৰ এছ এছৰ শাখা সংগঠন সেৱা ভাৰতীক।খালিদা বেগমৰ এই মহৎ কাৰ্যক ভূয়সী প্রশংসাও কৰিলে আৰ এছ এছ ৰ মিডিয়া শাখা ইন্দ্ৰপ্ৰস্থ বিশ্ব সংবাদ কেন্দ্ৰৰ প্ৰধান অৰুণ আনন্দে ।মহিলা গৰাকীৰ এই কাৰ্যক সকলোৱে শলাগ লৈছে ।

Exit mobile version