মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল : ব্যক্তিগত শিক্ষানুষ্ঠানে ৫০ শতাংশহে মাচুল  লব পাৰিব

EWCSHS2WAAII8ez

০ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল |

০ সকলো ব্যক্তিগত শিক্ষানুষ্ঠানে মাৰ্চ আৰু এপ্ৰিল মাহৰ মাহিলী মাচুল ৫০ শতাংশহে লব পাৰিব |

০ চৰকাৰৰ অনুমোদন নোহোৱাকৈ মাচুল বৃদ্ধি কৰিব নোৱাৰিব |

০ শিক্ষক-কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰিব নোৱাৰি |

০ এই নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ক দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত বিচাৰ কৰা হ’ব|

০ ইচ্ছুক সাংবাদিকে কৰ’না পৰীক্ষা কৰিব পাৰিব বুলি ঘোষণা স্বাস্থ্য মন্ত্ৰীৰ |

০ ২৫ এপ্ৰিলত গুৱাহাটী মেডিকেল কলেজত পুৱা ন বজাৰ পৰা সাংবাদিকে কৰিব পাৰিব কৰ’না পৰীক্ষা |

০ এই পৰীক্ষা হ’ব সম্পূৰ্ণ বিনামূলীয়া |

০ ২৫, ২৬ আৰু ২৭ এপ্ৰিলত আন্ত:জিলাৰে সংযোগ স্থাপন | 

০ ৰাজ্যৰ বিভিন্ন জিলাত আবদ্ধ হৈ থকা শিক্ষাৰ্থী, মহিলা, কৰ্মচাৰী সকলে কেৱল নিজ গৃহ তথা কাৰ্যালয়লৈ যাব আৰু আহিব পাৰিব |

০ অসম ৰাজ্যিক পৰিবহন নিগমে যাত্ৰায়তৰ বাবে বাছ যোগান ধৰিব |

০ আবদ্ধ লোকসকলে ১০৪ ত ফোন কৰি নিজৰ সৰ্বিশেষ দাঙি ধৰি কত যাব বিতং তথ্য যোগান ধৰিব লাগিব |

০ ফলত এএছটিছিয়ে নিজেই সেইসকলক ফোন কৰি কত উঠিব নিদিষ্ট কৰি দিব |

Exit mobile version