অহা ৩১ মে’ পর্যন্ত উৰণ বাতিল কৰিলে বিমান পৰিবাহী সেৱা সংস্থা ইণ্ডিগ’ আৰু ভিস্তাৰাৰ । তলাবন্ধৰ ফলত বাৰম্বাৰ বাতিল হৈছে বিমান যাত্ৰা । ফলত ভিন্ন ৰাজ্যত আবদ্ধ হৈ থকা লোকসকলৰ সমস্যাৰ অন্ত নোহোৱা হৈছে । প্ৰথম পৰ্যায়ৰ তলাবন্ধৰ ম্যাদ অন্ত পৰিলে নিজ ৰাজ্যলৈ ওভতাৰ আশাত বন্দীসকলে টিকট ক্ৰয় কৰিছিল । তাৰপাছত দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ আৰম্ভ হয় । এতিয়া তৃতীয় পৰ্যায়ৰ তলাবন্ধ হ’ব নেকি তাকে লৈ জল্পনা-কল্পনা আৰম্ভ হৈছে । সেয়েহে বাৰে বাৰে টিকট বিক্ৰী কৰি যাত্ৰা বাতিল হোৱাত যাত্ৰীসকলৰ টকা ওভতাই দিয়াৰ সমস্যা মূৰ পাতি ল’বলৈ ৰাজী হোৱা নাই ইণ্ডিগ’ বা ভিস্তাৰা সম্প্ৰতি বিমান পৰিবহন নিয়ন্ত্ৰক ডি জি চি এৰ তৰফৰ পৰা সকলো এয়াৰলাইনছক নিৰ্দেশ দিয়া হৈছে যে কেতিয়াৰ পৰা যাত্ৰা পুনৰ আৰম্ভ হ’ব আৰু কেতিয়াৰ পৰা টিকট বুকিং কৰা হ’ব সেই বিষয়ে পূৰ্ণ নিৰ্দেশিকা দিব লাগিব । অহা চাৰি মে’ৰ পৰা কে’বাটাও সংস্থাই আভ্যন্তৰীণ বিমান উৰণত আগ্ৰহ দেখালেও ডি জি চি এৰ নিৰ্দেশিকা দেখি তেওঁলোকে সিদ্ধান্ত সলনি কৰে । তাৰ পাছত ইণ্ডিগ’ই এক বিবৃতিত প্ৰকাশ কৰে যে ৩১মে’ পৰ্যন্ত সকলো উৰণ বন্ধ ৰাখিব।
৩১ মে’ পর্যন্ত উৰণ বাতিলৰ সিদ্ধান্ত ইণ্ডিগ’-ভিস্তাৰাৰ
-
By publisher

ADVERTISEMENT
- Categories: COVID-19, News
- Tags: Covid-19FIGHT AGANIST COVID-19INDIA FIGHTS CORONAINDIGOLockdownSTAY HOME STAY SAFEVistara
Related Content
শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা!
By
publisher
May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
By
publisher
May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
By
publisher
May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ'ব'
By
publisher
May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
By
publisher
May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
By
publisher
May 11, 2025