তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বন্ধ প্রায় সকলোবোৰেই । দেশত কৰ’না প্ৰতিৰোধৰ ক্ষেত্ৰত আগশাৰীত থাকি সংগ্ৰাম অব্যাহত থকাৰ বাবে প্ৰশংসিত হৈছে আৰক্ষীৰ লোকসকল।কোনো কোনো ঠাইত আৰক্ষীক সন্মানিত কৰাও হৈছে ।তেনে সময়তে মানৱাধিকাৰ ভংগৰ অভিযোগ উত্থাপিত হল কেৰালাৰ একাংশ আৰক্ষীৰ বিৰুদ্ধে।
কেৰালাৰ কোল্লাম জিলাৰ পুনালোৰৰ এজন ৮৯ বছৰীয়া অসুস্থ লোকক পুত্ৰই হাস্পতালৰ পৰা ঘৰলৈ অট’ৰে নিজগৃহলৈ নিয়াৰ কথা আছিল।কিন্ত তলাবন্ধৰ কাৰণ দেখুৱাই আৰক্ষীয়ে পুত্ৰক অট’ৰ পৰা নমাই দিয়ে ।আৰক্ষীৰ বাধাৰ বাবে অসুস্থ পিতৃক তেওঁ প্ৰায় এক কিলোমিটাৰ দূৰত্ব কোলাত দাঙি নিবলৈ বাধ্য হয়।ইতিমধ্যে এই ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰিছে।
ভিডিঅ’ত দেখা গৈছে যে এজন মধ্যবয়সীয়া লোকে অশীতিপৰ বৃদ্ধজনক কোলাত লৈ কোনোমতে খোজকাঢ়ি গৈ আছে।তেওঁলোকৰ কাষে কাষে হাস্পতালৰ নথি -পত্ৰ ,চিকিৎসকৰ নিদান পত্ৰ আদি লৈ দৌৰি আছে এগৰাকী মহিলাই।তেওঁলোকৰ অভিযোগ ,হাস্পতালৰ সকলোবোৰ নথি -পত্ৰ বাৰে বাৰে প্ৰদৰ্শন কৰা সত্বেও আৰক্ষীয়ে অট’ চলোৱাৰ অনুমতি নিদিলে ।
এই ঘটনাৰ ভিডিঅ’ সংক্ৰমিত হোৱাৰ লগে লগে কেৰালাৰ মানৱাধিকাৰ আয়োগে বিষয়টো চালি-জাৰি চাইছে ।আৰক্ষীয়ে দাবী কৰে যে অট’খন আটক কৰা সময়ত তাত কোনো আৰোহী নাছিল ।চালকজনক কেৱল কাৰণ আৰু প্ৰয়োজনীয় নথি -পত্ৰ দেখুৱাবলৈ কোৱা হৈছিল ।তাৰ পাছতে লোকজনে অট’খনৰ পৰা নামি খোজ কাঢ়ি প্ৰায় দুশ মিটাৰ নিলগত থকা হাস্পতাললৈ যায় আৰু পিতৃক কান্ধত লৈ ঘূৰি আহে। আনহাতে,কোল্লাম (গ্ৰাম্য)জিলাৰ আৰক্ষী অধীক্ষকে ঘটনাৰ তদন্ত কৰা হ’ব বুলি ঘোষণা কৰিছে ।