অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিয়লি ২ বজাত চিৰাং জিলাৰ সদৰ কাজলগাঁৱত উপস্থিত হৈ কভিড-১৯ সন্দৰ্ভত চিৰাং জিলাত জিলা প্ৰশাসনে গ্ৰহণ কৰা ব্যৱস্থাৰ ক্ষেত্ৰত আৰু জিলা খনৰ মূল বিভাগ সমূহে কৰা সাম্প্ৰতিক অৱস্থাৰ ওপৰত বুজ লোৱাৰ বাবে এক পৰ্যালোচনা সভাত অংশ লয় | হেলিকপ্তাৰ যোগে জিলা খনৰ ঢালিগাঁৱস্থিত বঙাইগাঁও শোধনাগাৰ হেলিপেডত অৱতৰণ কৰি পোনে পোনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কাজলগাঁও স্থিত চিৰাং জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ জিলা খনৰ কভিড-১৯ সন্দৰ্ভত জিলা প্ৰশাসনে স্বাস্থ্য খণ্ডত গ্ৰহণ কৰি থকা ব্যৱস্থাৱলীৰ ওপৰত জিলা উপায়ুক্ত গৌতম তালুকদাৰে তথ্য দাঙি ধৰে ।
এই পৰ্য্যালোচনা সভাত জিলাখনৰ সকলো বিভাগৰ বৰমুৰীয়া সকল উপস্থিত থাকে । মুখ্যমন্ত্ৰী সোণোৱালে লক ডাউনৰ সময়ত চিৰাং জিলাৰ সকলো বিভাগ পৰ্যৱেক্ষণ কৰি কৃষি, পশু পালন, মীন, খাদ্য আৰু অসামৰিক যোগান বিভাগ, পৰিবহন, বিদ্যুত সেৱা, জনস্বাস্থ্য কাৰিকৰী বিভাগ , উদ্যোগ আৰু জনসংযোগ বিভাগৰ কাম কাজৰ ওপৰত পৰ্যালোচনা কৰে ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জিলা খনৰ কোনো লোক যাতে স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলিত নহয় আৰু সৰ্ব সাধাৰণৰ যাতে কোনো অসুবিধা নহয় তাৰ বাবে খাদ্য সামগ্ৰীৰ যোগান পৰিচালনা কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।
উল্লেখযোগ্য যে চিৰাং জিলাত সম্প্ৰতি এজন লোকে কভিড ১৯ ৰোগত আক্ৰান্ত হোৱানাই । মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা সভাত বিটিচিৰ প্ৰধান সচিৱ ৰবীনচন মুছাহাৰী, বিটিএডি আই জি পি অনুৰাগ আগৰৱালা, ডি আই জি ভায়োলেট বৰুৱা, বিজনীৰ বিধায়ক কমলসিং নাৰ্জাৰী, টিংখাঙৰ বিধায়ক বিমল বৰা, জিলা উপায়ুক্ত গৌতম তালুকদাৰ, আৰক্ষী অধীক্ষক সুধাকৰ সিং সহ অতিৰিক্ত উপায়ুক্ত, বিভাগীয় মূৰব্বী বিষয়া সকল উপস্থিত থাকে |
ইয়াৰ পিছত এক সংবাদ মেলৰ সম্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমত দ্বিতীয় পৰ্যায়ৰ লক ডাউন ৰাইজে আন্তৰিকতাৰে পালন কৰা বুলি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত ৩৩ খন জিলাত ৰাইজে সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবৰ বাবে এই কাৰ্যসূচীত অংশ লোৱা বুলি উল্লেখ কৰে | অসমৰ পৰা বাহিৰত থকা লোক সকলে সুকলমে যাতে থাকিব পাৰে তাক চৰকাৰে সহযোগ আগ বঢ়োৱাৰ লগতে চিকিৎসা, কৰ্ম সংস্থাপন আৰু ছাত্ৰ ছাত্ৰী ক আৰ্থিক সাহায্য আগবঢ়োৱা হৈছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে ।
লক ডাউনৰ সময়ত জনসাধাৰণে জৰুৰী সেৱা সমূহ জিলা প্ৰশাসনৰ জৰিয়তে দুৱাৰ দলিত পাব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মেলত ব্যক্ত কৰে । অসমত কভিড ১৯ ৰোগত ৩৬ গৰাকী লোক আক্ৰান্ত হোৱাৰ পাছত এওঁ লোকৰ অধিক সংখ্যক লোক স্বাস্থ্য বিভাগৰ উন্নত মানদণ্ডৰ চিকিৎসাৰ জৰিয়তে আৰোগ্য হৈ মৰ্যাদা সহকাৰে ঘৰলৈ যাব দিয়া এই বাৰ্তাই অসমৰ ৰাইজক অাশ্বস্ত কৰি তুলিছে বুলিও বুলি কয় |
ৰাজ্য খনত যোগান বিভাগ, আৰক্ষী -অৰ্ধ সামৰিক বাহিনীয়ে ২৪ ঘন্টাই কাম কৰি থকা বুলি উল্লেখ কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগ, অগ্নি নিৰ্বাপক বাহিনী শক্তি বিভাগে কাম কৰি আছে বুলি কয় । চিকিৎসা বিভাগৰ সকলো পৰ্য্যায়ৰ কৰ্মী সকলে অহৰ্নিশে কাম কৰি থকাত মুখ্যমন্ত্ৰীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীয়ে চিৰাঙৰ পাঁচ লক্ষাধিক লোকৰ মাজত জিলা প্ৰশাসনক ২৪ ঘন্টাই সহায়ৰ হাত আগবঢ়াব লৈ নিৰ্দেশ দিয়া কথাও ব্যক্ত কৰে । মুখ্যমন্ত্ৰীয়ে খেতি পথাৰ, চাহ বাগান, সৰু সৰু উদ্যোগ সমূহ মুকলি কৰি সামাজিক দূৰত্ব বজাই লক ডাউন মানি চলিবলৈ ৰাইজলৈ আহ্বান জনায় ।
আজি চিৰাঙত মুখ্য মন্ত্ৰীৰ হাতত ইণ্ডিয়ান মেডিকেল এচোচিয়েসনৰ বঙাইগাঁও জিলা শাখাই ১.১১ লাখ টকাৰ চেক প্ৰদান কৰে অসম আৰোগ্য নিধিলৈ । ইফালে চিৰাং জিলা উপায়ুক্তৰ জড়িয়তে বঙাইগাঁও ডায়ছিছ কনফাৰেন্স নৰ্দান ইভানজেলিকেল লুথাৰেন চাৰ্চৰ বঙাইগাঁও বিশ্বপ ৰেফাৰেন্সৰ সুলেন নাৰ্জাৰীয়ে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুজিৰ সিতানলৈ ৫০ হেজাৰ টকাৰ চেক প্ৰদান কৰে ।
ADVERTISEMENT