কুকুৰে চিনাক্ত কৰিব কৰ’না 

A64B07E1 88C6 4F47 A6D9 4D22BFB752CA 1024x683 1

ইমানদিনে বিভিন্ন অপৰাধীক চিনাক্ত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল কুকুৰৰ প্ৰৱল ঘ্ৰাণশক্তিক। এইবাৰ এইবিধ প্ৰাণীৰ ঘ্ৰাণশক্তিক কামত লগোৱা হ’ব মাৰাত্মক কৰ’না ভাইৰাছ চিনাক্তকৰণত।ব্ৰিটেইনৰ এদল বিজ্ঞানীয়ে এইক্ষেত্ৰত চিন্তা-চৰ্চা আৰম্ভ কৰিছে । দ্ৰুত কৰ’না ৰোগী চিনাক্তকৰণৰ মাধ্যমেৰেই এই মহামাৰী নিয়ন্ত্ৰণলৈ অনাৰ বাবে সম্ভাৱ্য এক উপায়ক লৈ কাম কৰি আছে ব্ৰিটেইনৰ এদল বিশেষজ্ঞই । তেওঁলোকে কৰ’না চিনাক্তৰ কামত প্ৰশিক্ষিত কুকুৰ ব্যৱহাৰ কৰিব বিচাৰিছে । গুড নিউজ নেটৱৰ্কৰ তৰফৰ পৰা সম্প্ৰতি  এক প্ৰতিবেদনত জনাইছে যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুদ্ধত এইবাৰ কুকুৰ অৱতীৰ্ণ হ’ব।এই লক্ষ্যৰে ব্ৰিটেইনৰ ‘মেডিকেল ডিটেকছন ডগছ’ নামৰ চিকিৎসাবিষয়ক চেৰিটী ট্ৰাষ্টটোৱে বিশেষ কুকুৰক প্ৰশিক্ষণ অব্যাহত ৰাখিছে।

কুকুৰক এনেদৰে প্ৰশিক্ষণ দিয়া হ’ব যাতে সিবোৰে গোন্ধ শুঙিয়েই কৰ’না ভাইৰাছ (ক’ভিড-১৯)চিনাক্ত কৰিব পাৰে । বিবিচিয়ে জনোৱা মতে, এই সংস্থাটোৱে ইতিমধ্যে মেলেৰিয়া, কৰ্কট আৰু পাৰ্কিন্সনৰ ৰোগ চিনাক্তকৰণত কুকুৰক প্ৰশিক্ষণ দি সফলতা লাভ কৰিছে। মেডিকেল ডিটেকছন ডগছ সংস্থাৰ মুৰব্বী তথা আচৰণ মনোবিজ্ঞানী ডাঃ ক্লেয়াৰ গেষ্টে এইক্ষেত্ৰত কয়, ‘কৰ’না ভাইৰাছ প্ৰশিক্ষিত কুকুৰে চিনাক্ত কৰিব নোৱাৰাৰ কোনো কাৰণ নাই ।কুকুৰে ক’ভিড-১৯ চিনাক্ত কৰিব পাৰে বুলি আমি প্রায় নিশ্চিত।’ সংশ্লিষ্ট বিশেষজ্ঞসকলে মন্তব্য কৰিছে যে গৱেষণাটো সফল হ’লে দ্ৰুত আৰু কাৰ্যকৰীভাৱে ক’ভিড-১৯ চিনাক্ত কৰাটো সম্ভৱ হ’ব ।

Exit mobile version