কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশত তলাবন্ধ থকাৰ বাবে বহিঃৰাজ্যত শ্ৰমিকৰূপে কৰ্মৰত লোকৰ সমস্যা আনৰ তুলনাত বেছি হোৱা পৰিলক্ষিত হৈছে । এনে পৰিস্থিতিত বহুতে দীঘলীয়া পথ খোজকাঢ়ি অতিক্ৰম কৰাৰ বাতৰিও প্ৰকাশ পাইছে । ইয়াৰ মাজতে দিল্লীৰ পৰা এজন শ্রমিকে শিশু সন্তানক কান্ধত তুলি তিনিশ মাইল দূৰৰ বুণ্ডেলখণ্ডৰ নিজগৃহলৈ ৰাওনা হোৱা দৃশ্যই অলপতে দেশৰ সংবাদ মাধ্যমত বিশেষ স্থান পাইছিল । পত্নী আৰু শিশু সন্তানৰ স’তে তলাবন্ধৰ মাজতে নানা আলৈ-আহুকাল পাৰ কৰি দয়াৰাম কুছৱাহা নামৰ এই শ্ৰমিক জনে ইতিমধ্যে নিজ গাঁৱত উপস্থিত হ’লেও নিজৰ বাসগৃহত শান্তিৰে টোপনি মাৰিব পৰা নাই । ইয়াৰ পৰিৱৰ্তে তেওঁ কটাবলগীয়া হৈছে বাসগৃহৰ বাহিৰত ।
জীৱিকাৰ তাড়নাত দিল্লীত এটা পাথৰ কুৱেৰীত দয়াৰাম আৰু পত্নীয়ে শ্ৰমিক হিচাপে কাম কৰিছিল । মাৰ্চৰ প্ৰথমফালেই কিবা এটা বিশেষ ৰোগে দিল্লীত দেখা দিয়া বুলি দয়াৰামে শুনিছিল । সেই ৰোগটো কি কিবা বুজি পোৱাৰ পূৰ্বেই হঠাৎ চৰকাৰৰ ঘোষণাত বন্ধ হৈ পৰিল কুৱেৰী । কাম বন্ধ হোৱাত জমা ধনেৰে খোৱাৰ যোগাৰ কৰিবলগীয়া হৈছিল । কিন্ত দোকান বজাৰ সকলো বন্ধ হৈ পৰাত সেয়াও অসম্ভৱ হৈ পৰিল । সেয়ে বেগ-পত্ৰ সামৰি গাঁৱলৈ উভতি যোৱাৰ কথাই ভাবিলে দয়াৰামে। ইতিমধ্যে ৰেল-বাছ সকলো বন্ধ ।দিল্লীৰ পৰা মধ্যপ্ৰদেশৰ নিজৰ গাওঁ জুগৈয়াত কিদৰে উপস্থিত হ’ব সেই কথা ভাবিয়ে চিন্তাত পৰিল দয়াৰাম ।
অৱশ্যে তেওঁলোকক ভৰসা যোগালে তেওঁলোকৰ লগত একেলগে বাস কৰা ৫০ জন শ্রমিকে। প্ৰত্যেকেই নিজ ৰাজ্যলৈ যোৱাৰ বাবে উদগ্ৰীৱ হৈ আছিল ।সেই ভৰসাতে আনসকলৰ লগত ৰাজপথত ভৰি দিয়ে দয়াৰাম আৰু পত্নী জ্ঞানৱতীয়ে । দয়াৰামৰ কান্ধত পাঁচ বছৰীয়া শিৱম। জ্ঞানৱতীৰ মূৰত কিছু সামগ্ৰীৰ বস্তা। ক্লান্ত হৈ পথৰ দাঁতিত কিছু বিশ্ৰাম ল’বলৈ ল’লেই লাঠী দাঙি খেদি আহে আৰক্ষী । কেতিয়াবা হাত দাঙিলে দুই -এখন ট্ৰাকে ৰখি তেওঁলোকক উঠাই নি কিছুদূৰত নমাই দিয়ে । এইদৰে চাৰিটা দিন খোজকাঢ়ি বা কেতিয়াবা ট্ৰাকত উঠি দিল্লীৰ পৰা ৫০২কিলোমিটাৰ বা তিনিশ মাইল অতিক্ৰম কৰি নিজ গাঁৱত উপস্থিত হৈছিল দয়াৰাম আৰু জ্ঞানৱতী । কিন্ত ঘৰত আহিও শান্তি নাপালে তেওঁলোকে । দয়াৰামৰ পিতৃয়ে স্পষ্ট কৰি দিলে যে পুত্ৰই ইয়াত থাকিব নোৱাৰিব । আনকি মাতৃয়েও তেওঁক অস্পৃশ্যৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে । পৰিয়ালৰ সদস্য তথা প্ৰতিবেশী সকলৰ মনতো সন্দেহ দয়াৰাম আৰু তেওঁৰ পত্নী-পুত্ৰৰ শৰীৰত কৰ’না ভাইৰাছ নাইতো ? গাঁওবাসীয়েও তেওঁলোকক দেখিলেই নেদেখাৰ ভাও ধৰে । নিজৰ জন্মগাঁৱতে ‘বহিৰাগত ‘ হৈ পৰিছে দয়াৰাম । সেয়ে পত্নী আৰু দুই পুত্ৰক লৈ তেওঁ এতিয়া ঘৰৰ বাহিৰতে বাস কৰি তলাবন্ধ শেষ হোৱালৈ অপেক্ষা কৰি আছে ।