বুধবাৰে বিয়লি অহা এজাক বিধ্বংসী ধুমুহা-বৰষুণে ঢকুৱাখনাৰ বিভিন্ন অঞ্চলত তাণ্ডৱ সৃষ্টি কৰি বিস্তৰ ক্ষতি সাধন কৰে। বিশেষকৈ ধেনুখনাৰ বাটমাৰী, গন্ধিয়া আদি অঞ্চলত ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰা উপৰি বৰষুণ আৰু ধুমুহাই ঢকুৱাখনা বৃহত্তৰ অঞ্চলত নিমিষতে বহুত সংখ্যক গছ বাগৰি পৰাৰ লগতে বহু সংখ্যকৰ ঘৰৰ টিনপাত উৰুৱাই নিয়ে।
ধুমুহা জাকৰ ফলত বহু লোকৰ ভঁৰালৰ ধান নষ্ট হোৱাৰ ফলত গোটেই ৰাতি বহুলোকে অনাহাৰে অনিদ্ৰাৰে বৰষুণত তিতি বুৰি নিশাটো পাৰ কৰিব লগীয়া হয়। কৰ’নাৰ ভয়াবহতাৰ লগতে ল’ক ডাউনৰ বাবে এতিয়া ক্ষতিগ্ৰস্ত লোকসকল বাহিৰলৈ ওলাই যাব নোৱাৰাত ঘৰ সমূহ পুনৰ মেৰামতি কৰাতো অসুবিধা হৈ পৰিছে ।
আনহাতে প্ৰচণ্ড ধুমুহাই নিমিষতে নিঃশেষ কৰি পেলালে ঢকুৱাখনাৰ শ-শ মুগা পালকৰ সপোন। প্ৰচণ্ড ধুমুহাত নিমিষতে গছৰ তলত চেদেলি – ভেদেলি হৈ পৰি ৰল মুগা পলু।বতৰৰ প্ৰতিকূলতাত মুগা পলুৰ নিঃশেষ হোৱাৰ দেখি মূৰে-কপালে হাত দিছে ঢকুৱাখনাৰ কৃষকে। লকডাউনৰ সকলো নীতি-নিয়ম মানি বছৰটোৰ বাবে কিবা এটা উপাৰ্জন কৰাৰ বাবে হাতে হাতে ধনু-গুটি লৈ অন্তহীন ব্যস্ততাৰে চোমণিত সময় কটোৱা কৃষকে এতিয়া চকুলো টুকিছে।বছৰৰ এটা ভাল উপাৰ্জন হেৰুৱাৰ দুখত হুমুনিয়াহ কাঢ়িছে সকলোৱে।