তলাবন্ধৰ অভিজ্ঞতা লিখি ভাবুকিৰ সন্মুখীন চীনা লেখিকা

im 171013

তলাবন্ধৰ জৰিয়তে চীনৰ উহান প্ৰদেশত কৰ’নাৰ সংক্ৰমণ ৰোধ কৰাৰ চেষ্টা কৰিছিল জি জিনপিঙৰ প্ৰশাসনে। এই দিনবোৰৰ অভিজ্ঞতা কেনে আছিল? উহানবাসীয়ে কিদৰে সময় অতিবাহিত কৰিছিল? হাস্পতালসমূহৰ পৰিস্থিতি কেনেধৰণৰ আছিল? এনে অভিজ্ঞতাৰ বিষয়ে চ’চিয়েল মিডিয়াত তেওঁৰ লেখা উচ্চ প্ৰশংসিত হৈছে।

একাধিক ভাষাত এই লেখা মুদ্ৰিত হোৱাৰ যোজা চলিছে। কিন্তু এই প্ৰশংসাই তেওঁলৈ ভাবুকি কঢ়িয়াই আনিছে। ছ’ছিয়েল মিডিয়াত চীনৰ কৰ’না পৰিস্থিতিৰ বিষয়ে লিখা বাবে তেওঁ হত্যাৰ ভাবুকিৰ সন্মুখীন হ’বলগীয়া হৈছে। ইয়াকে লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উহানৰ বাসিন্দা এইগৰাকী পুৰস্কাৰপ্ৰাপ্ত লেখিকাৰ নাম হৈছে ফাং ফাং। প্ৰকৃতাৰ্থত তেওঁৰ নাম ৱাং ফাং।

তেওঁৰ লেখাত স্থান লাভ কৰিছে ঔদ্যোগিক অঞ্চলৰ মানুহৰ খং, অভিমান আৰু আশা-নিৰাশাৰ কথা। সংকটৰ সময়ত কিদৰে ওচৰ চুবুৰীয়াই তেওঁলোকৰ ওচৰত থিয় দিছে তাৰো সুন্দৰ বাখ্যা দাঙি ধৰিছে। কেতিয়াবা আকৌ তেওঁৰ কলমেৰে নিৰ্গত হৈছে একাকৃত্যৰ যন্ত্ৰণা। বিশ্বৰ পৰা উহান বিচ্ছিন্ন হৈ থকা সময়তে চীনৰ এই প্ৰশংসিত লেখিকা ফাং ফাঙৰ অনলাইন ডায়েৰীয়ে তেওঁৰ গৃহ চহৰত কৰ’না ভাইৰাছ ট্ৰেজেডিক উন্মোচিত কৰিছে। বহু কোটি পাঠকে তেওঁৰ এই লেখা অনলাইনযোগে পঢ়িছে।

ডিচেম্বৰত ক’ভিড-১৯ ৰ আক্ৰমণ আৰম্ভ হোৱাৰ পাছতে ২৩ জানুৱাৰীত জাৰি কৰা নজিৰবিহীন তলাবন্ধৰ সময়ৰ পৰা ফাঙে উহানৰ জীৱনছন্দ লিপিবদ্ধ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছতে ভাবুকিৰ সন্মুখীন হয় লেখিকাগৰাকী। তেওঁৰ অভিযোগ অনুসৰি তেওঁৰ ঘৰৰ ঠিকনা ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি দিয়া হৈছে। কোৱা হৈছে যে চৰকাৰৰ বিষয়ে এটা কথা ক’লেও তেওঁক হত্যা কৰা হ’ব। চীনৰ এখন সাপ্তাহিক কাকতৰ ৱেবচাইটত লেখিকা গৰাকীয়ে কয় যে তেঁওক মৃত্যুৰ ভাবুকি দিয়া হৈছে।

মন কৰিবলগীয়া যে, মাৰ্কিন প্ৰকাশন গোষ্ঠী হাৰ্পাৰ কলিন্সে অহা জুনত বজাৰত মেলি দিবলৈ ওলোৱা ‘উহান ডায়েৰী’ শীৰ্ষক গ্ৰন্থৰ আগমনৰ বাতৰিৰ পাছতে তেঁও অধিক আক্ৰমণৰ সন্মুখীন হয়। ইপিনে, প্ৰকাশন গোষ্ঠীটোৱে নিজস্ব ৱেবচাইটত কয়, ‘এই বিধ্বংসী পৰিস্থিতিৰ কঠিন বাস্তৱে ফাং ফাঙক সামাজিক অন্যায়, দুৰ্নীতি, ক্ষমতাৰ অপব্যৱহাৰ আৰু অতিমাৰীৰ প্ৰতি সঁহাৰিৰ ক্ষেত্ৰত প্রতিবন্ধক হৈ থিয় দিয়াৰ পদ্ধতিগত ৰাজনৈতিক সমস্যাৰ বিৰুদ্ধে সাহসেৰে কথা কবলৈ ইন্ধন যোগাইছে।’ প্ৰকাশন গোষ্ঠীটোৱে কয় যে, এখন স্বৈৰাচাৰী ৰাষ্ট্ৰত আবদ্ধ জীৱনৰ ভিতৰলৈ এই গ্ৰন্থই অনন্য ৰূপত ভুমুকি মাৰিব। ইপিনে, ফ্ৰান্সৰ প্ৰকাশন গোষ্ঠী ষ্টকে কয় যে গ্ৰন্থখন এজন প্ৰতিভাধৰ লেখকৰ প্ৰত্যক্ষ সাক্ষী হ’ব। অৱশ্যে চীনৰ বিভিন্ন আগশাৰীৰ বাতৰি-কাকত আদিয়ে ফাং ফাঙক সমালোচনা কৰিছে।

Exit mobile version