তিনিচুকীয়াত চাৰি ভূৱা পুলিচ আটক

IMG 20200423 WA0020

মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে সমগ্ৰ দেশজুৰি তলাবন্ধ অব্যাহত থকাৰ সময়তে তিনিচুকীয়াৰ বিভিন্ন স্থানত আৰক্ষীৰ পোচাক পৰিধান কৰি পথচাৰিক হাৰাশাস্তি কৰি অহা চাৰি ভূৱা পুলিচ আটক কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে | তিনিচুকীয়াৰ আৰক্ষীয়ে  আটকা কৰা ধৃত যুৱক কে’জন ক্ৰমে ইটাখুলি চাহ বাগিচাৰ জয়ন্ত তাঁ‌তি, বৰগুৰি জানমুখৰ ললিত ৰয়, মহাকালীৰ শিভা গুঞ্জু আৰু বাহাদুৰ চাৰিআলিৰ শচীন ৰজক।

তিনিচুকীয়া সদৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ১৮৮/৪১৯/৩৯২/৩২৩/৩৪ ধাৰাত ৫২১/২০২০ নম্বৰত এক গোচৰ  ৰুজু কৰি বুধাৰে জেললৈ  প্ৰেৰণ কৰে। উল্লেখ্য যে ধৃত  যুৱককেজন চিকিউৰিটি গাৰ্ডৰ কৰ্মত নিয়োজিত হৈ আছিল।

Exit mobile version