বহিঃ ৰাজ্যত ধনৰ পৰা বঞ্চিত ডেৰ শতাধিক শ্ৰমিক 

IMG 20200423 WA0010
কৰ’না ভাইৰাছ সংক্ৰমণৰ আশংকাত দেশজুৰি অব্যাহত তলাবন্ধৰ ফলত দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ বলেঙত আবদ্ধ হৈ আছে অসমৰ ডেৰ শতাধিক শ্ৰমিক। চুবুৰীয়া প্ৰদেশখনৰ পূৱ চিয়াঙ জিলাৰ পাচীঘাটৰ পৰা ১০০ কিঃমিঃ নিলগৰ বলেঙৰ তাৰুং কুমুট, ৰাজেশ মেবাং, ডাঃ কাৰেং মিজে, হৰেন ধালে আদি লোকৰ বিভিন্ন নিৰ্মাণ কাৰ্যত বিগত ৩ মাহে জড়িত হৈ আছে।
ৰাজ্যখনত আবদ্ধ অধিকাংশৰেই ঘৰ চিলাপথাৰ, চিমেনচাপৰি আৰু জোনাইত বুলি জানিব পৰা গৈছে। ইপিনে, তলাবন্ধৰ বাবে এতিয়া এইসকল শ্ৰমিকে চৰম অসুবিধাৰ সন্মুখীন হৈছে। তলাবন্ধ ঘোষণাৰ দিনটোৰ পৰা কিছু দিনলৈ ঠিকাদাৰে কিছু খোৱা সামগ্ৰীৰ যোগান ধৰিছিল যদিও যোৱা এটা সপ্তাহে চাউলৰ বাদে লাভ কৰা নাই কোনো খাদ্যসামগ্ৰী।
উল্লেখ্য যে, দেশজুৰি বলবৎ হোৱা তলাবন্ধৰ পৰিপ্ৰেক্ষিতত বহিঃ ৰাজ্যত আবদ্ধ হৈ থকা অসমৰ প্ৰতিজন লোককে ২০০০ টকাকৈ একাউন্টৰ যোগে দিয়াৰ ব্যৱস্থা কৰিছে। কিন্তু এইসকল লোকে চৰকাৰৰ পৰা এনেধৰণৰ কোনো সাহায্য লাভ কৰা নাই বুলি সদৰী কৰিছে। অন্যহাতে, অৰুণাচল প্ৰদেশতো এতিয়া সৰ্বাত্মক ৰূপত কাৰ্যকৰী হৈছে তলাবন্ধ। এনে অৱস্থাত শংকিত হৈ পৰিছে আবদ্ধ লোকসকল। সেয়ে তেঁওলোকক শীঘ্ৰে অসমলৈ অনাৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আহ্বান জনাইছে এই লোকসকলে।
Exit mobile version