শদিয়া মহকুমা প্ৰশাসন স’তে মুখ্যমন্ত্ৰীৰ পৰ্যালোচনা বৈঠক : সকলোকে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ আহ্বান 

EWRxh XUYAAEPWG

■ কৃষি, পশুপালন আৰু মৎস্য খণ্ডত বাণিজ্যিকভাৱে নিয়োজিত কৃষকসকলৰ পৰিসংখ্যা সংগ্ৰহ কৰি শীঘ্ৰে বজাৰ গঢ়ি তোলাৰ বাবে নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

■ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাৰ লগত অৰুণাচল প্ৰদেশৰ ল’ৱাৰ দিবাং ভেলী আৰু লোহিত জিলা সংলগ্ন হৈ থকাৰ প্রতি লক্ষ্য ৰাখি তথা সাম্প্ৰতিক ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দুয়োখন ৰাজ্যৰ মাজত এই সীমান্তইদি যাতে কোনো ব্যক্তি তথা যান-বাহনৰ চলাচল হ’ব নোৱাৰে তাৰ বাবে সুনিশ্চিত কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

■ মহকুমাটোৰ জ্যেষ্ঠ নাগৰিক, নেতৃস্থানীয় ব্যক্তি, গাঁও বুঢ়া, স্বাস্থ্য বিভাগৰ কৰ্মী, বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ইত্যাদিৰ সৈতে নিয়মিতভাৱে মত-বিনিময় কৰি পৰামৰ্শ গ্ৰহণৰ নিৰ্দেশ।

■ ক’ভিড-১৯ ৰ বিৰুদ্ধে সূচনা হোৱা যুঁজখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া চিকিৎসক, নাৰ্ছ, আশাকৰ্মী, লেবৰটৰী টেকনিছিয়ান , এম পি ডব্লিউ, ৱাৰ্ড বয়, এম্বুলেন্সৰ চালক, চাফাই কৰ্মীসকলক যাতে সকলোৱে সন্মান কৰে তাৰ বাবে অসমৰ জনগণক আহ্বান মুখ্যমন্ত্ৰীৰ।

■ দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ নীতি-নিৰ্দেশনাৰ আৰ্হিৰ যিবোৰ ক্ষেত্ৰত শিথিলতা দিয়া হৈছে সেই ক্ষেত্ৰবোৰত যাতে সামাজিক দূৰত্ব বজাই ৰাখি কাম-কাজ অব্যাহত ৰাখে সেয়া সুনিশ্চিত কৰিবলৈ নিৰ্দেশ।

Exit mobile version