স্বাস্থ্যকৰ্মীৰ সুৰক্ষাত আপোচ কৰা নহ’ব : নৰেন্দ্ৰ মোদী

unnamed 2

পাঁচ লাখ টকা পর্যন্ত জৰিমনা আৰু সাত বছৰ পর্যন্ত হ’ব পাৰে কৰাবাসৰ বিধান

সমগ্র দেশত দুর্গত লোকৰ চিকিৎসাৰ কামত ব্যস্ত চিকিৎসক আৰু চিকিৎসাকৰ্মী সকলৰ ওপৰত একাংশ দুষ্টচক্ৰই সংঘটিত কৰা আক্ৰমণৰ ঘটনাত বিচলিত হোৱা কেন্দ্ৰীয় চৰকাৰে কেবিনেটত এক ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰে। চিকিৎসক-নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে বিশেষভাৱে অধিসূচনা জাৰি কৰাৰ সিদ্ধান্ত লয় কেন্দ্ৰীয় চৰকাৰে। সেইমৰ্মে স্বাস্থ্যকৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনাত সাতমাহ পর্যন্ত জেল হ’ব পাৰে আৰু বৃহৎ পৰিমাণৰ জৰিমনাও ভৰিব লাগিব।

দেশজুৰি এনে ঘটনা সাম্প্ৰতিক পৰিস্থিতিত বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কৰ’না ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজখনৰ সন্মুখ সমৰত থকা স্বাস্থ্যকৰ্মীসকলক আক্ৰমণৰ ঘটনাৰ বাবে কঠোৰতম শাস্তি বিহা হ’ব। এই শাস্তিৰ ব্যৱস্থাই স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰিব বুলি প্ৰধানমন্ত্ৰীয়ে কয়। এই সম্পৰ্কত তেওঁ এক টুইটত কয় যে, ‘মহামাৰী ৰোগ অধ্যাদেশ ২০০২-এ ক’ভিড-১৯ ৰ বিৰুদ্ধে সন্মুখৰ পৰা সাহসেৰে যুঁজি থকা প্রতিজন স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ বাবে থকা আমাৰ দায়বদ্ধতাক প্রতিপন্ন কৰিছে। ই আমাৰ প্ৰফেচনেলসকলৰ সুৰক্ষা নিশ্চিত কৰিব। তেওঁলোকৰ সুৰক্ষাত কোনো আপোচ কৰা নহ’ব।’

Exit mobile version