ৰাজ্যৰ ১৭ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিৰে বাৰ্তালাপ শিক্ষা মন্ত্ৰীৰ

IMG 20200423 WA0018

তলাবন্ধৰ মাজতে বৃস্পতিবাৰে ৰাজ্যৰ ১৭ খন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিৰে বাৰ্তালাপ কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই | তেওঁ এই  সংক্ৰান্তত কয় যে ক’ভিড-১৯ৰ সংক্ৰমণে সকলোৰে বাবে এক নতুন প্ৰত্যাহ্বান সৃষ্টি কৰাৰ উপৰি একেসময়তে আমাক কামবোৰ নতুন ধৰণে কৰাৰ পৰিৱেশো আনি দিছে ৷

শেহতীয়া পৰিস্থিতিৰ  পৰিপ্ৰেক্ষিতত ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ মূল্যৱান শিক্ষাবৰ্ষ যাতে ক্ষতিগ্ৰস্থ নহয়, সেয়া সুনিশ্চিত কৰাৰ অৰ্থে ৰাজ্যখনৰ বিশ্ববিদ্যালয়ৰ ১৭ গৰাকী উপাচাৰ্যৰ স’তে ভিডিঅ’ কনফাৰেঞ্চিং ব্যৱস্থাযোগে এক বৈঠকত মিলিত হৈ বিভিন্ন বিষয় আলোচনা কৰাৰ লগতে শিক্ষণ তথা শিকন পৰিকাঠামো সম্বন্ধীয় বিভিন্ন মত আৰু উদ্ভাৱনীমূলক পৰামৰ্শ গ্ৰহণ কৰিলোঁ ৷

Exit mobile version