আশাৰ পোহৰ: আৰম্ভ হ’ল কৰ’নাৰ ভেকচিনৰ মানৱদেহত পৰীক্ষা

2020 04 10T101626Z 1381094164 RC2M1G9O1B56 RTRMADP 3 HEALTH CORONAVIRUS VACCINE min 1586956004

সমগ্র বিশ্বকে আশাৰ পোহৰ দেখুৱাই মানৱদেহত পৰীক্ষা আৰম্ভ হ’ল ন’ভেল কৰ’না ভাইৰাছৰ প্ৰতিষেধক ভেকচিনৰ। ইংলেণ্ডৰ অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ এদল বিজ্ঞানীৰ উদ্যোগত আৰম্ভ হোৱা এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰিব। এই পৰীক্ষা সফল হ’লে কম দিনৰ ভিতৰতে বজাৰলৈ আহিব ক’ভিড ভেকচিন। চেডক্স-১ নামৰ এই ভেকচিনৰ পৰীক্ষাৰ সফলতাৰ প্ৰতিয়ে এতিয়া সমগ্র বিশ্ববাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে।

ব্ৰিটিছ স্বাস্থ্যমন্ত্ৰী মেট হেনককে কালি সংবাদমেলত জনোৱা মতে, কৰ’না ভাইৰাছৰ মোকাবিলাত এই সম্ভাব্য ভেকচিনৰ ক্লিনিকেল ট্ৰায়েলত সাহায্যৰ বাবে চৰকাৰে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ক দুই কোটি পাউণ্ড দিব। এই প্ৰতিষেধকৰ সাফল্যক কেন্দ্ৰ কৰি অক্সফ’ৰ্ডৰ গৱেষসকলে জনাইছে যে এই কঠিন পৰিস্থিতিত তেওঁলোকে দ্ৰুতগতিৰে ক’ভিড-১৯ ৰ টিকা আনিব বিচাৰিছিল। প্ৰথম অৱস্থাত এই প্ৰতিষেধকৰ কাম ছেপ্টেম্বৰৰ ভিতৰতে শেষ হ’ব বুলি জনোৱা হৈছিল ।কিন্তু ইমান সময় অপেক্ষা কৰিব লগা নহ’ল বুলিও তেওঁলোকে জনাইছে। মানৱদেহত পৰীক্ষাৰ কাম তেওঁলোকে বহু আগুৱাই আনিবলৈ সক্ষম হয়। ইয়াৰ বাবে মেডিচিন এণ্ড হেল্থকেয়াৰ ৰেগুলেটৰ এজেন্সিৰ অনুমতি লাভ কৰাৰ পাছতে তেওঁলোকে আজিৰ পৰা পৰীক্ষাৰ কাম কৰাৰ আৰম্ভ কৰাৰ সিদ্ধান্ত লয়।

Exit mobile version