ইংলেণ্ডত কৰ’নাত সৰ্বাধিক মৃত্যু ভাৰতীয় বংশোদ্ভৱৰ

Screenshot 20200424 205215

ন’ভেল কৰ’না ভাইৰাছৰ কবলত পৰি ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হোৱা দেশসমূহৰ অন্যতম ইংলেণ্ড। ইয়াৰ বিপৰীতে ভাৰতত সংক্ৰমণ ব্যাপক ৰূপ ধাৰণ কৰিলেও সেই অনুপাতে মৃতকৰ সংখ্যা কম । অথচ ইংলেণ্ডত মৃত্যু হোৱা লোকসকলৰ ভিতৰত বেছি সংখ্যকে ভাৰতীয় বংশোদ্ভৱ। প্ৰকাশিত তথ্য অনুসৰি , ইংলেণ্ডত মৃতকৰ তালিকাত ভাৰতীয় মূলৰ লোকৰ সংখ্যা পাছতে আছে কেৰিবিয়ান আৰু পকিস্তানী লোকৰ সংখ্যা ।

এন এইছ এছৰ পৰা প্ৰকাশ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ন’ভেল কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা ১৭ এপ্ৰিল পৰ্যন্ত ইংলেণ্ডত ১৩হেজাৰ ৯১৮জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত ১৬.২ শতাংশই হৈছে কৃষ্ণাংগ, এছীয় আৰু সংখ্যালঘু জনগোষ্ঠী । এই কৃষ্ণাংগ, এছীয় আৰু সংখ্যালঘু সকলৰ ভিতৰত তিনি শতাংশই হৈছে ভাৰতীয় বংশোদ্ভৱ । এতিয়া ইংলেণ্ডত সৰ্বত্ৰে সামগ্ৰিকভাৱে কৰ’নাৰ পৰীক্ষা সম্ভৱ হোৱা নাই । ফলত এই পৰিসংখ্যাত কিছু তাৰতম্য ঘটিব পাৰে বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে ।

এন এইছ এছৰ পৰিসংখ্যাত লগতে দেখা গৈছে যে কৰ’না ভাইৰাছ সংক্ৰমণত মৃত্যুৰ নিৰিখত ইংলেণ্ডত থকা কৃষ্ণাংগ, এছীয় আৰু সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ সংখ্যা আনসকলৰ তুলনাত বেছি । মিশ্রিত জনগোষ্ঠীৰ ক্ষেত্ৰত মৃত্যুৰ হাৰ ০.৭শতাংশ।কেৱল সেইয়াই নহয়, এন এইচ এছৰ স্বাস্থ্যকৰ্মী সকলৰ ভিতৰত যিসকলৰ ক’ভিড- ১৯ ত আক্ৰান্ত হৈ মৃত্যু হৈছে, তেওঁলোকৰ ভিতৰতো আগবাঢ়ি আছে কৃষ্ণাংগ, এছীয় আৰু সংখ্যালঘু সম্প্ৰদায় সমূহেই । এন এইচ এছৰ পৰিসংখ্যা অনুসৰি, এই জনগোষ্ঠী সমূহৰ ৬৯জনৰ কৰ’নাত মৃত্যু হৈছে ।

Exit mobile version