কাৰ্বি পহাৰত সেনাৰ-আৰক্ষীৰে ডি এন এল এ’ৰ উগ্ৰপন্থীৰ মাজত  মুখামুখী সংঘৰ্ষঃ নিহত দুই কেডাৰ

ULFA 1

কাৰ্বি  আংলং জিলাৰ ধনশিৰি বনাঞ্চলত সেনা-আৰক্ষী আৰু ডিমাচা নেচনেল লিবেৰেছন আৰ্মী চমুকৈ ডি এন এল এ’ৰ মাজত তুমুল সংঘৰ্ষ হ’য় ৷ আজি পুৱতি নিশাত হোৱা তুমুল সংঘৰ্ষত দুজন সশস্ত্ৰ সংগঠন সদস্য থিতাতে নিহত হ’য় ৷ নিহত সদস্য দুজন ক্ৰমে লেফটেনন্ট গাদীয়া ওৰফে ৰূপচন আৰু এৰিয়া কামাণ্ডাৰ এলৱিন বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীৰ পৰা সেনা-আৰক্ষীয়ে এটা এম-১৬ আৰু এটা একে-৪৭ ৰাইফল উদ্ধাৰ কৰে ৷ ইপিনে, সমগ্ৰ দেশৰ লগতে ৰাজ্যখনত তলাবন্ধ চলি থকাৰ মাজত স’গঠনটোৰ বাবে এক প্ৰকাৰৰ খাদ্য সংকট আৰু সংগঠনটোৰ বাবে আৰ্থিক নাটনিৰ বাবেই হয়তো এই দুই কেডাৰে নিচেই পুৱাতে ধনশিৰি বজাৰলৈ সামগ্ৰীৰ সন্ধানত অহা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

ADVERTISEMENT

 

Exit mobile version