কেন্দ্ৰৰ পৰামৰ্শত সকলো প্ৰকাৰৰ বাহনৰ নবীকৰণৰ ম্যাদ ৩০ জুনলৈ বৃদ্ধি

sundarban guesthouse 7640055

সকলো ধৰণৰ যান-বাহনৰ নথিপত্ৰৰ নবীকৰণৰ ম্যাদ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শৰ ভিত্তিত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে জাৰি কৰা নিৰ্দেশনাৰ ভিত্তিতে ৰাজ্য চৰকাৰৰ পৰিবহণ বিভাগে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। পৰিবহণ বিভাগৰ এক সূত্ৰই জনোৱা মতে, কৰ’না ভাইৰাছৰ সংক্ৰমণৰ প্ৰতিৰোধৰ স্বাৰ্থত দেশব্যাপী অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ। ইয়াৰ পৰিপ্ৰেক্ষিততে যিসকল লোকে নিজৰ নিজৰ যান বাহন সমূহৰ সকলো ধৰণৰ নথিপত্ৰৰ নবীকৰণৰ ম্যাদ ইতিমধ্যে চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীতে অন্ত পৰিছে সেইসমূহ যান বাহনৰ নথিপত্ৰৰ নবীকৰণৰ ম্যাদ অহা ৩০ জুনলৈকে বৃদ্ধি কৰা হৈছে।

চলিত বৰ্ষৰ পহিলা ফেব্ৰুৱাৰীৰ পৰা অহা ৩০ জুনৰ ভিতৰত যান বাহনৰ নথিপত্ৰৰ নবীকৰণৰ ম্যাদ অন্ত পৰিব সেইসমূহ যান বাহনৰ নথিপত্ৰ সমূহ অহা ৩০জুন পর্যন্ত বৈধ হিচাপে বিবেচনা কৰা হ’ব। এই সময়ছোৱাত সংশ্লিষ্ট যান বাহনসমূহৰ গৰাকীসকলে ইয়াৰ বাবে কোনোধৰণৰ জৰিমনা আদায় দিব নালাগে। বিশেষকৈ চালকৰ অনুজ্ঞাপত্ৰৰ  নবীকৰণ, ফিটনেছৰ নবীকৰণ, সকলো ধৰণৰ পাৰ্মিটৰ নবীকৰণ, পঞ্জীয়নকে ধৰি সকলো ধৰণৰ নথিপত্ৰৰ নবীকৰণ প্ৰক্ৰিয়াকে এই নিৰ্দেশনাই সামৰি ল’ব বুলি সূত্ৰটোৱে জনায়। এই ক্ষেত্ৰত যাতে সংশ্লিষ্ট যান বাহনৰ গৰাকী সকলে কোনো ধৰণৰ হাৰাশাস্তিৰ সন্মূখীন হ’বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ প্ৰতিখন জিলাৰ আৰক্ষী অধীক্ষক, মহানগৰ আৰক্ষীৰ আৰক্ষী অধীক্ষক, যান বাহন শাখাৰ উপ-আৰক্ষী আয়ুক্ত, প্ৰতিখন জিলাৰ জিলা পৰিবহণ বিষয়াকে ধৰি সংশ্লিষ্ট সকলো পক্ষলৈ উক্ত নিৰ্দেশনাৰ প্ৰতিলিপি প্ৰেৰণ কৰা বুলিও পৰিবহণ বিভাগৰ সূত্ৰটোৱে জনায়।

Exit mobile version