ভাৰতত অতি কমেও ১০ সপ্তাহ তলাবন্ধ থকা উচিতঃ ৰিচাৰ্ড হৰ্টন 

Dr. Richard Horton Editor in Chief the Lancet cropped

Dr. Richard Horton, Editor in Chief, the Lancet

ভাৰতত অহা তিনি মে’ত তলাবন্ধ প্ৰত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে দেশৰ শেহতীয়া পৰিস্থিতিৰ ওপৰত তলাবন্ধ প্ৰত্যাহাৰ কৰা নকৰা বিষয়টো নিৰ্ভৰ কৰিব। এই সময়তে মেডিকেল জাৰ্ণেল লেনছেটৰ মুখ্য সম্পাদক ৰিচাৰ্ড হৰ্টনে সকীয়াই দিয়ে যে ভাৰতে এতিয়াই তলাবন্ধ প্ৰত্যাহাৰ কৰা উচিত নহয় । অন্তত একেৰাহে দহ সপ্তাহ তলাবন্ধ থকা উচিত । নহ’লে নতুনকৈ সংক্ৰমণ বিয়পিলে চম্ভালাটো প্ৰত্যাহ্বান স্বৰূপ হৈ পৰিব। ইপিনে সৰ্বভাৰতীয় এক সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছে যে এই মহামাৰী চিৰস্থায়ী নহয় । নিজে নিজে শক্তি কমি আহিব ৷ আমাৰ দেশে কৰ’না মোকাবিলা কৰাৰ ক্ষেত্ৰত অধিক পদক্ষেপ লৈছে ৷

হৰ্টনে কয় যে ১০ সপ্তাহ সঠিকভাৱে তলাবন্ধ মানিলে এই মাৰাত্মক বীজাণুৰ পৰা নিস্তাৰ পাব পৰা যাব । ১০ সপ্তাহৰ শেষত ভাইৰাছৰ উপস্থিতি একেবাৰে নাথাকিলে জীৱনৰ ছন্দ পূৰ্বৰ দৰে হৈ পৰিব । সেই সময়তো শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। বুলি তেওঁ মত প্ৰকাশ কৰে। “আমি মাস্ক পৰিধান কৰিব লগীয়া হ’ব পাৰে আৰু পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ দৃষ্টি দিব লাগিব । অহা তিনি মে’ত তলাবন্ধ প্ৰত্যাহাৰৰ বিষয়ে দেশবাসীৰ একাংশই প্ৰশ্ন কৰিছে ৷ এই সন্দৰ্ভত হৰ্টনে কয় “অৰ্থনীতিৰ কথা ভাবি সকলো স্বাভাৱিক কৰি দিয়াৰ প্ৰয়োজন আছে বুলি উপলব্ধি কৰিছো ৷ কিন্তু খৰখেদা নকৰিব। নতুনকৈ কৰ’না বিয়পিলে পৰিস্থিতি অধিক জটিল হ’ব । এতিয়া প্ৰথমৰ পৰা পুনৰ তলাবন্ধ আৰম্ভ কৰিব লাগিব ।”

এই প্ৰসংগত চীনৰ কথা উদাহৰণ হিচাপে দাঙি ধৰি তেওঁ কয় “উহানে কিদৰে একেৰাহে দহ সপ্তাহ তলাবন্ধ অব্যাহত ৰাখি কৰ’নামুক্ত হ’ব পাৰিছে ৷ এতিয়া তেওঁলোক স্বাভাৱিক জীৱনলৈ উভতিছে । এই কথা প্ৰমাণিত যে তলাবন্ধৰ প্ৰয়োজন আছে ৷ কিয়নো এই ভাইৰাছে এনে ধৰণৰে । শাৰীৰিক দূৰত্ব বজাই নাৰাখিলে মানুহৰ মাজত শীঘ্ৰে কৰ’না ভাইৰাছ বিয়পি পৰে । ১০ সপ্তাহ তলাবন্ধ অব্যাহত থাকিলে কৰ’নাৰ সংক্ৰমণ হ্ৰাস পোৱাৰ সম্ভাৱনাৰ সন্দৰ্ভত তেওঁ কয় তেতিয়া অতি সামান্য মানুহৰ মাজত এই সংক্ৰমণ থাকিব ৷ অৱশ্যে পৰীক্ষা অব্যাহত ৰাখিব লাগিব ৷ ইপিনে আমেৰিকাত দ্বিতীয় পৰ্যায়ৰ কৰ’নাৰ সংক্ৰমণ অধিক শোচনীয় হ’ব পাৰে বুলি দেশখনৰ শীৰ্ষ স্বাস্থ্য বিষয়াই সকীয়াই দিয়ে  ৷ এনে হ’লে মাৰ্কিন স্বাস্থ্য ব্যৱস্থাত অকল্পনীয় চেকা লাগিব পাৰে বুলি কয় ৷ চি ডি চি নামৰ সংস্থাটোৰ সঞ্চালক ৰবাৰ্ট ৰেডফিল্ডে কয় “আমাৰ ৰাষ্ট্ৰত আগন্তুক শীতকালত পুনৰ কৰ’না সংক্ৰমণৰ সম্ভাৱনা আছে ৷সেয়া বৰ্তমানতকৈ বহু বেছি শোচনীয় হ’ব ৷

Exit mobile version