ওদালগুৰিৰ ২৮ খন বাছেৰে স্বগৃহলৈ ৬০৮ জন : ২২৩ জন শ্ৰমিকৰ যাত্ৰা ভিন্ন জিলালৈ :৮৩ জন বহিঃৰাজ্যৰ শ্ৰমিক

IMG 20200425 WA0018
দেশত অব্যাহত থকা দ্বিতীয় পৰ্যায়ৰ  তলাবন্ধ মাজতে  ৰাজ্যৰ বহু জিলাত আৱদ্ধ হৈ থকা শিক্ষাৰ্থী, শ্ৰমিকৰ লগতে বিভিন্ন লোকক শনিবাৰে  স্বগৃহলৈ প্ৰেৰণ কৰে প্ৰশাসনে | উল্লেখ্য যে  এইলোক সকলৰ যাতায়তৰ ক্ষেত্রত ৰাজ্য চৰকাৰে  শনিবাৰৰ পৰা  তিনিদিনৰ বাবে নিৰ্দিষ্ট কৰি দিয়া বাছেৰে এই লোকসকলক স্বগৃহলৈ প্ৰেৰণ কৰে সংশ্লিষ্ট জিলা প্ৰশাসনে । সেই অনুসৰি ওদালগুৰি জিলা প্ৰশাসনে ২৮ খন বাছেৰে ৰাজ্যৰ বিভিন্ন জিলালৈ  আৱদ্ধ লোকক প্ৰেৰণৰ ব্যৱস্থা কৰে।
শনিবাৰে ওদালগুৰি ৰাজহুৱা দূৰ্গা মণ্ডপৰ পৰা এখন বাছেৰে প্ৰথম পৰ্যায়ত ১১ জনক বৰপেটা জিলালৈ প্ৰেৰণ কৰে। এই সন্দৰ্ভত লোকসকলে যাত্ৰা কৰিবলগীয়া অস্থায়ী বাছ আস্থানত উপস্থিত থাকি মন্ত্ৰী ৰিহন দৈমাৰী, জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়া, জিলা আৰক্ষী অধীক্ষক ৰিপুল দাসে সমগ্ৰ প্ৰক্ৰিয়াটো বুজ লয়।
মন্ত্ৰী ৰিহন দৈমাৰীয়ে এই সন্দৰ্ভত সাংবাদিকৰ আগত উল্লেখ কৰি কয় যে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুযায়ী ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৱদ্ধ হৈ থকা লোকসকলক নিজৰ স্বগৃহলৈ ঘুৰাই পঠিওৱাৰ ব্যৱস্থা আজিৰে পৰা আৰম্ভ কৰা হৈছে। যিসকল লোকৰ ব্যক্তিগত বাহন নাই অথবা ১০৪ সেৱাত ফোন কৰি স্বগৃহলৈ যোৱাৰ অনুমতি লৈছে, তেওঁলোকক আমি সম্পূৰ্ণ বিনামূলীয়াকৈ নিজ নিজ ঘৰলৈ থৈ অহাৰ ব্যৱস্থা কৰিছো। ইফালে সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই কয় যে ওদালগুৰিলৈ কাম কৰিবলৈ অহা ২২৩ জন ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শ্ৰমিক আৰু ৮৩ জন বহিঃৰাজ্যৰ পৰা অহা শ্ৰমিক আছে।
ৰাজ্যৰ ভিতৰৰ শ্ৰমিকসকলৰ ভিতৰত ১০৪ গৰাকী শ্ৰমিক আজি পুৱা তেওঁলোকৰ সংশ্লিষ্ট ঠিকাদাৰসকলৰ তত্বাৱধানত ওদালগুৰিৰ পৰা ৰাওনা হৈছে। কিন্তু বহিঃৰাজ্যৰ পৰা অহা লোকসকল বৰ্তমান পৰ্যন্ত অসমৰ পৰা ওলাই যাব নোৱাৰাৰ পৰিপ্ৰেক্ষিতত ওদালগুৰিতে আৱদ্ধ হৈ আছে। লগতে উপায়ুক্ত গৰাকীয়ে কয় যে ১০৪ সেৱাৰ সহায়ত ওদালগুৰিৰ পৰা বিভিন্ন জিলালৈ যাবলগীয়া লোকৰ সংখ্যা হৈছে ৬০৮ জন।
ইয়াৰ বিপৰীতে ৰাজ্যৰ ভিতৰৰ অন্য জিলাৰ পৰা ওদালগুৰিলৈ আহিবলগীয়া লোকৰ সংখ্যা হৈছে ৪৩৩ গৰাকী। ইফালে জিলা প্ৰশাসনে এইসকল লোকক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ স্বগৃহলৈ প্ৰেৰণৰ বাবে ২৮ খন বাছৰ ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰি সকলোকে শৃংখলা বজাই সামাজিক ব্যৱধান মানি প্ৰশাসনক সহযোগিতা কৰাৰ বাবে আহ্বান জনাইছে।
Exit mobile version