কৰ’না প্ৰতিৰোধত বিশ্বৰে শীৰ্ষত নৰেন্দ্ৰ মোদী

Modi coronavirus speech
ক’ভিড১৯ ৰ সন্ত্ৰাসত সমগ্ৰ বিশ্ব সম্প্ৰতি কম্পমান ৷প্ৰতিখন দেশে নিজৰ সুৰক্ষাৰ বাবে তলাবন্ধকে ধৰি বিভিন্ন প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰিছে ৷স্বাভাৱিকতে ইয়াৰ নেতৃত্ব দিছে দেশৰ মুৰব্বীসকলে ৷এই ক্ষেত্ৰত বিশ্বৰ নেতাসকলৰ ভিতৰত সকলোতকৈ আগত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷বিশ্বৰ নেতাসকলে নিজ নিজ দেশৰ ক্ষেত্ৰত গ্ৰহণ কৰা সুৰক্ষা ব্যৱস্থাক লৈ পলষ্টেৰ মৰ্ণিং কনচাল্ট নামৰ আন্তৰ্জাতিক সংস্থা এটাই চলোৱা জৰীপত এই তথ্য পোহৰলৈ আহিছে ৷
সংস্থাটোৱে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিদিনে ৪৪৭ টাকৈ গ্ৰহণ কৰা মতামতৰ ভিত্তিত প্ৰধানমন্ত্ৰী মোদীয়ে ৬৮ ৰেটিং লাভ কৰি শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ইয়াৰ পাছতে ৩৯ পইন্ট লাভ কৰি দ্বিতীয় স্থানত থাকে মেক্সিকোৰ ৰাষ্ট্ৰপতি এণ্ড্ৰেছ মেনুৱেল লোপেজ অৰবাডেৰে ৷ইয়াৰ পাছতে  স্থান লাভ কৰিছে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিছে ৷
লক্ষ্যনীয়ভাৱে প্ৰথম ১০ খন ৰাষ্ট্ৰৰ তালিকাত আটাইতকৈ কম বেটিং লাভ কৰি একেবাৰে তলত স্থান পাইছে জাপানৰ প্ৰধানমন্ত্ৰী আবেই ৷পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থতা তথা সময় উপযোগী সিদ্ধান্ত গ্ৰহণত লক্ষ্যণীয়ভাৱে ব্যৰ্থ হৈছে ইখনৰ পাছত সিখন মহাশক্তিধৰ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰ প্ৰধানে ৷ তাৰ ফলত জনপ্ৰিয়তা হ্ৰাসৰ শীৰ্ষত থকা এজন শক্তিশালী নেতা হ’ল আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প ৷এই তালিকাত থকা আন এগৰাকী উল্লেখযোগ্য নেতা হ’ল ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী জাইৰ বলছানাৰো ৷
উল্লেখ্য যে ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ তথা ভাইৰাছবিধক প্ৰত্যাহ্বান জনাবলৈ ১৩০ কোটি তকৈ অধিক জনসংখ্যাৰ বিশাল দেশ ভাৰতত এদিন জনতা কাৰ্ফিউ ঘোষণাৰ লগতে যোৱা ২৪ মাৰ্চৰ পৰা ২১ দিনীয়া তলাবন্ধ ঘোষণা কৰা হয়। ইয়াৰ পাছতে যোৱা ১৫ এপ্ৰিলৰ পৰা পুনৰ ১৯ দিনীয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধ প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰা হয় ৷ স্বাভাৱিকতে দীঘলীয়া এই তলাবন্ধ ভাৰতৰ দৰে উন্নয়নশীল এখন দেশৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান।
কিন্তু দেশৰ জনতাৰ সুৰক্ষাৰ বাবে ভাৰতত এই ভাইৰাছৰ প্ৰভাৱ আৰম্ভ হোৱাৰ সময়তে ঘোষণা কৰা হয় দীঘলীয়া তলাবন্ধ ৷ইয়াৰ ফলত ভাৰতৰ দৰে বিশাল জনসংখ্যাৰ দেশত কৰ’নাৰ সংক্ৰমণ বহু পৰিমাণে নিয়ন্ত্ৰিত হৈ থকা বুলি বিশ্ব স্বাস্থ্য সংস্থায়ো উল্লেখ কৰিছে ৷ভাৰতৰ বিপৰীতে বিশ্বৰ আগশাৰীৰ কে’বাখনো দেশে ভাইৰাছৰ সংক্ৰমণ বিস্তাৰিত হোৱাৰ পাছতহে তলাবন্ধ ঘোষণা কৰিছে ৷ইয়াৰ ফল ইটালী,আমেৰিকাকে ধৰি প্ৰথম বিশ্বৰ দেশসমূহে ভূগিবলগীয়া হৈছে।
আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে ফেচবুকতো আটাইতকৈ জনপ্ৰিয় বিশ্ব নেতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। ক’ভিড ১৯ ৰ সংক্ৰমণ প্ৰতিৰোধৰ ক্ষেত্ৰত গ্ৰহণ কৰা সময়োচিত পদক্ষেপৰ বাবে পুনৰ এই জনপ্ৰিয়তা মোদীয়ে অব্যাহত ৰাখিবলৈ সক্ষম হৈছে ৷ইপিনে ফেচবুকত ট্ৰাম্প দ্বিতীয়স্থানত আছে যদিও তেওঁ লাইক,কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে পূৰ্বৰ দপ দপনি অব্যাহত ৰাখিবলৈ সক্ষম হোৱা নাই ৷ ট্ৰাম্পে যোৱা ১২ মাহত ৩০৯ নিযুত  কমেন্ট,লাইক আৰু শ্বেয়াৰ লাভ কৰে। ব্ৰাজিলৰ প্ৰধানমন্ত্ৰী বলছোনাৰোৰ এনে সংখ্যা হ’ল ২০৫ নিযুত ৷এই ক্ষেত্ৰত মোদীৰ স্থান তৃতীয় আৰু যোৱা ১২ মাহত ৮৪ নিযুত,লাইক,কমেন্ট আৰু শ্বেয়াৰ পায় ৷
Exit mobile version