ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে  স’তে প্ৰধান মন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

lee hsien loong and modi
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ছিয়েন লুঙে স’তে বৃস্পতিবাৰে এক টেলিফোনিক বাৰ্তালাপ মিলিত হয়৷দুয়োগৰাকী নেতাই ক’ভিড-১৯ মহামাৰীয়ে সৃষ্টি কৰা স্বাস্থ্য আৰু অৰ্থনৈতিক প্ৰত্যাহ্বানৰ সন্দৰ্ভত নিজৰ মত বিনিময় কৰে৷ এই মহামাৰীৰ লগতে ইয়াৰ ফলত অৰ্থনীতি আৰু সামাজিক দিশত পৰা প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে দুয়োজনে ইজনে-সিজনক অৱগত কৰে৷
প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰক চিকিৎসা সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰাৰ ক্ষেত্ৰত সম্ভৱপৰ সকলোধৰণৰ সহায় আগঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে৷ প্ৰধানমন্ত্ৰী মোদীয়ে ছিংগাপুৰত থকা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি দেশখনে আগবঢ়োৱা সহায়ৰ প্ৰশংসা কৰে৷দুয়োগৰাকী নেতাই বৰ্তমানৰ প্ৰেক্ষাপটত ভাৰত-ছিংগাপুৰ কৌশলগত সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে৷
ক’ভিড-১৯এ সৃষ্টি কৰা বৰ্তমান আৰু ভৱিষ্যতৰ পৰিস্থিতি মোকাবিলা কৰাৰ ক্ষেত্ৰত দুয়োখন দেশে একেলগে কাম কৰি যাব বুলি তেওঁলোকে সহমত প্ৰকাশ কৰে৷প্ৰধানমন্ত্ৰীয়ে বৰ্তমানৰ সংকটৰ সময়ত ছিংগাপুৰৰ জনসাধাৰণক সু-স্বাস্থ্য আৰু কল্যান বাবে শুভকামনা জনায়৷
Exit mobile version