গাহৰিৰ দানাৰ বিক্ৰীৰ ক্ষেত্ৰত নাই কোনোধৰনৰ নিষেধাজ্ঞা : স্পষ্ট কৰিলে চৰকাৰে

গাহৰিৰ দেহত ৰাজ্যত শেহতীয়াকৈ সংক্ৰমিত ৰোগৰ ফলত প্ৰায় দুই সহস্ৰাধিক গাহৰি মৃত্যু হোৱাৰ পাছত ৰাজ্যচৰকাৰে তৎক্ষণিকভাৱে বলবৎ হোৱাকৈ শনিবাৰৰ পৰা ৰাজ্যত গাহৰি মাংস বিক্ৰী আৰু গাহৰি কিনা বেচা বন্ধ কৰিছে যদিও গাহৰি দানাৰ বিক্ৰীত বাধা-নিষেধ আৰোপ কৰা হৈছে বুলি বিভ্ৰান্তিৰ সৃষ্টি হৈছে। যাৰ পৰিপ্ৰেক্ষিতত  অসম চৰকাৰৰ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ তৰফৰ পৰা গাহৰি পালকসকলৰ জ্ঞাতাৰ্থে মন্ত্ৰী অতুল বৰাই স্পষ্ট কৰি দিছে যে গাহৰিৰ দানাৰ বিক্ৰীৰ ক্ষেত্ৰত কোনোধৰনৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই। গতিকে গাহৰিৰ দানাৰ বাবে গাহৰিপালকসকলে চিন্তা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হোৱা নাই।
উল্লেখ্য যে গাহৰিৰ মাজত শেহতীয়াকৈ সংক্ৰমিত ৰোগ এতিয়ালৈকে চিহ্নিত হোৱা নাই যদিও ই মানৱ শৰীৰত সংক্ৰমিত নহয় বুলি মন্ত্ৰী বৰাই উল্লেখ কৰি দ্ৰুতগতিত এই ৰোগ এটা গাহৰিৰ পৰা আন এটা গাহৰিলৈ সংক্ৰমিত হয় বুলি প্ৰকাশ কৰিছে। সেয়েহে ৰাইজৰ সুৰক্ষাৰ লগতে গাহৰিৰ মৃত্যু ৰোধ কৰা আৰু এই দিশত সাৱধানতা অৱলম্বন কৰাৰ বাবে গাহৰি মাংসৰ ক্ৰয়-বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে বুলি মন্ত্ৰীজনে কয়। শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশমৰ্মে এই সন্দৰ্ভত কৃষক আৰু উদ্যমীসকলৰ হোৱা ক্ষতি হ্ৰাস আৰু ৰাইজৰ মাজত আশংকা দূৰ কৰাৰ বাবে ইয়াৰ সমাধানসূত্ৰ উলিয়াবলৈ বিভাগে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰীজনে।
ADVERTISEMENT
Exit mobile version