তলাবন্ধৰ ফলত ক্ষতিগ্ৰস্ত পুৰোহিত সমাজ 

b2c004f650ef736adbef8eda4c4e0886Temple

পুৰোহিতৰ সমস্যা অনুধাৱন কৰি ইতিবাচক পদক্ষেপ গ্ৰহণৰ আহবান

দীঘলীয়া তলাবন্ধৰ ফলত দেশ তথা ৰাজ্যৰ লগতে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হৈছে পূব কামৰূপ অঞ্চলৰ পুৰোহিত সমাজ ৷ অঞ্চলটোৰ ভিতৰত পিংগলেশ্বৰ দেৱালয়, মদনকামদেৱ দেৱালয়, গোপেশ্বৰ দেৱালয়, দ্বীপ্তেশ্বৰী দেৱালয়, কুৰ্ম মাধব দেৱালয় সহ কেইবাখনো দেৱালয় যোৱা ২৫মাৰ্চৰ পৰা এক প্ৰকাৰ বন্ধ হৈ আছে ।পূব-কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শৰ্মা আৰু সম্পাদক অপূৰ্ব শৰ্মাই  জনোৱা অনুসৰি তলাবন্ধৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱা লোকৰ ভিতৰত আছে পুৰোহিত সমাজ । পূব-কামৰূপ পুৰোহিত সন্মিলনৰ অধীনত থকা ৰান্ধনী, যোগালী আৰু পুৰোহিত মিলি ৩০০লোক এই সময়ত কৰ্মহীন হৈ দিন পাৰ কৰিছে  । ধৰ্মীয় মঠ-মন্দিৰ সমূহত থাকি ৰান্ধনী, যোগালী আৰু পুৰোহিত হিচাপে জীৱন অতিবাহিত কৰা পৰিয়াল বোৰত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে ।

প্ৰাপ্ত তথ্য মতে,  তলাবন্ধৰ বাবে তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হৈছে  পুৰোহিত সকল । দৰ্শনাৰ্থীৰ অভাৱ আৰু তলাবন্ধ চলি থকা হেতুকে পূব কামৰূপ অঞ্চলৰ ধৰ্মীয় মঠ মন্দিৰৰ ৰান্ধনী, যোগালী আৰু পুৰোহিত শ্ৰেণীৰ পৰিয়ালত এতিয়া  খাদ্য সংকটে দেখা দিছে । পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি, সম্পাদকে প্ৰকাশ কৰা মতে পুৰোহিত সকলক সদায় সমাজৰ উচ্চ আসন অলংকৃত কৰি অহা হয় । ইয়াৰ বাবে পুৰোহিত সকলক অন্য চৰকাৰী শিক্ষক-কৰ্মচাৰীৰ লগতে অনুষ্ঠান-প্ৰতিষ্ঠানে  সততে সহায় কৰিবলৈ আগবাঢ়ি নাহে ।  তদুপৰি ব’হাগ মাহত হিন্দু ধৰ্মৰ লোক সকলৰ মাজত একমাত্ৰ তলাবন্ধৰ বাবে মাংগলিক পৰ্ববোৰ বাতিল কৰা হৈছে । গতিকে মঠ-মন্দিৰৰ উপৰিও মাংগলিক অনুষ্ঠান বোৰ বাতিল হোৱাৰ ফলতো আৰ্থিক ভাৱে ক্ষতি হৈছে পুৰোহিত সকলৰ। এনে সংকটৰ মাজত থাকিও পূব-কামৰূপ পুৰোহিত সন্মিলনৰ তৰফৰ পৰা অসম আৰোগ্য নিধিত ১০ হেজাৰ টকা জমা দি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছে পুৰোহিত সমাজে । তদুপৰি পূব-কামৰূপ পুৰোহিত সন্মিলনীয়ে তেওঁলোকৰ অধীনৰ সকলো ৰান্ধনী, যোগালী আৰু পুৰোহিত সকলক সামান্য ভাবে  আৰ্থিক সকাহ দি সংকট নিৰাময়ৰ চেষ্টা কৰিছে।

ৰাজ্য চৰকাৰ অথবা জিলা প্ৰশাসনৰ ফালৰ পৰা এনে পৰিস্থিতিত  পুৰোহিত সকলৰ বাবে বিশেষ আঁচনি হাতত লোৱাৰ দাবী উত্থাপন কৰে পূব কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি দণ্ডধৰ শৰ্মাই । অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুৰোহিত শ্ৰেণীৰ লোকৰ সমস্যাৰ দিশ অনুধাবন কৰি এক ইতিবাচক আৰু গঠন মূলক  পদক্ষেপ হাতত লব লাগে  বুলি দাবী জনাই পূব-কামৰূপ পুৰোহিত সন্মিলনৰ সভাপতি আৰু সম্পাদকে ৷

Exit mobile version