নিতাল নিস্তব্ধ পৰিবেশৰ বাবে বনাঞ্চলৰ পৰা ওলাইছে দুষ্প্ৰাপ্য বন্যপ্ৰাণী

Screenshot 20200426 152026
তলাবন্ধৰ বাবে নিতাল নিস্তব্ধ হৈ পৰিছে মহানগৰীৰ চৌপাশ ৷ ফলত বনাঞ্চলৰ পৰা নিৰ্বিঘ্নে ওলাই আহিছে বহু দুষ্প্ৰাপ্য বন্যপ্ৰাণী ৷ ইয়াৰ মাজতে ভালেসংখ্যক বন্যপ্ৰাণী হৈ পৰিছে দিশহাৰা। দৈনিক অগ্ৰদূতৰ আগত এই কথা অৱগত কৰে দক্ষিণ গুৱাহাটী আঞ্চলিক বন বিষয়া অৰূপ কলিতাই । কলিতাই কয় যে কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে সম্প্ৰতি দেশত তলাবন্ধ অব্যাহত আছে ৷ এই সময়ছোৱাত নিতাল নিস্তব্ধ হৈ পৰিছে মহানগৰীৰ চৌপাশ ৷ ইয়াৰ বাবে গড়ভাঙা বনাঞ্চলৰ পৰা সঘনাই ওলাই আহিছে বিভিন্ন দুষ্প্ৰাপ্য বন্যপ্ৰাণী । বিশেষকৈ তলাবন্ধৰ সময়ত অজগৰ, বনমেকুৰী, ফেঁচা, হুদু, বিভিন্ন চৰাই চিৰিকতিৰ পৰা আৰম্ভ কৰি হাতীৰ জাক নিৰ্বিঘ্নে ওলাই আহিছে ।
ইয়াৰ মাজতে জাক ফালি ওলাই অহা এটা দঁতাল হাতীয়ে মহানগৰীৰ গাৰোঘূলি,কটকীপাৰা, আহোমগাঁও আদিত কম বেছি উপদ্ৰৱ চলাই ৷ পাছত হাতীটো অৰণ্যলৈ খেদি পঠিওৱাৰ কাৰণে ২১ এপ্ৰিলত শূন্যলৈ পাঁচ জাঁই গুলি আৰু ছয় এপ্ৰিলত আঠ জাঁই গুলিচালনা কৰা হয়। একেদৰে তলাবন্ধৰ সময়ছোৱাত বনাঞ্চলৰ পৰা ওলাই আহি দিশহাৰা হৈ পৰা প্ৰায় আঠ ফুট দীঘল অজগৰ সাপ এডাল লখৰাৰ পৰা উদ্ধাৰ কৰা হয়। পাছত অজগৰডাল গভীৰ অৰণ্যত গৈ মোকলাই দিয়া বুলি কলিতাই কয় যে বৰ্তমানে ৰাজ্যিক চিৰিয়াখানাত প্ৰবেশ সম্পূৰ্ণ বন্ধ আছে ৷ ইয়াৰ বাবে লখৰাত উদ্ধাৰ কৰা অজগৰ সাপডাল গভীৰ অৰণ্যত নি মোকলাই দিয়া হয়। সেইদৰে লখৰাৰ পৰা উদ্ধাৰ কৰা দুষ্প্ৰাপ্য ছাইৰঙী আন এটা ফেঁচাও পাছত গড়ভাঙা সংৰক্ষিত বনাঞ্চলত নি মোকলাই দিয়া বুলি তেওঁ উল্লেখ কৰে ৷ সম্প্ৰতি গড়ভাঙা সংৰক্ষিত বনাঞ্চলত অন্যান্য বন্যপ্ৰাণীৰ বিচৰণ বৃদ্ধি পোৱা বুলিও তেওঁ উল্লেখ কৰে ।
Exit mobile version