১৯১৮ ৰ স্পেনিছ ফ্লুৰ পাছত ২০২০ৰ ক’ভিড-১৯ কো কৰিলে জয়

ana del valle

বিংশ শতিকাৰ দ্বিতীয় দশকত স্পেইনসহ প্ৰায় সমগ্র বিশ্বতে মৃত্যুৰ কিৰিলি মাৰিছিল স্পেনিছ ফ্লু অতিমাৰীয়ে। ১৯১৮ ৰ জানুৱাৰীৰ পৰা ১৯২০ ৰ ডিচেম্বৰ পৰ্যন্ত একেৰাহে ৩৬ মাহ ধৰি অখণ্ড প্ৰতাপ দেখুওৱা সেই মাৰাত্মক ইনফ্লুৱেঞ্জাত ইউৰোপসহ তৎকালীন বিশ্ব জনসংখ্যাৰ এক-তৃতীয়াংশ বা কমেও ১০ কোটি মানুহ আক্ৰান্ত হৈছিল। সেই সময়ত, ১৯১৮ ত মাত্ৰ পাঁচ বছৰ বয়সতে স্পেনিছ ফ্লুত আক্ৰান্ত হৈছিল স্পেইনৰ ৰ’ণ্ডা অঞ্চলৰ বাসিন্দা এনা ডেন ভালে। পৰৱৰ্তী সময়ত তেওঁ সুস্থ হৈ পৰে। ইয়াৰ সুদীৰ্ঘ ১০২ বছৰ পাছতে ২০২০ ত আকৌ এবাৰ আন এক অতিমাৰীৰ সৈতে সংগ্ৰাম কৰিবলগীয়া হৈছে সমগ্র বিশ্বই। এইবাৰো ক’ভিড-১৯ ত আক্ৰান্ত হ’ল শতায়ুগৰকা এনা। কিন্তু এশ বছৰৰ পূৰ্বে শিশু এনাক যিদৰে মহামাৰীয়ে পৰাজিত কৰিব পৰা নাছিল সেইদৰে এশ বছৰৰ পাছতো শতায়ুগৰকা বৃদ্ধা এনাৰ হাতত পৰাভূত হ’ল আন এক মহামাৰী।

বৃদ্ধাগৰাকীৰ বোৱাৰীয়েক পাকুই ছানচেজে কয় যে এলকলা ডেল ভালেৰ এখন ব্যক্তিগত চিকিৎসালয়ত এনা সামান্য অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছিল। উক্ত হাস্পতালতে ৬০ জন ৰোগী ক’ভিড-১৯ ত আক্ৰান্ত হয়। তেওঁলোকৰ সংস্পৰ্শলৈ অহাৰ বাবে বৃদ্ধাগৰাকীও আক্ৰান্ত হয়। তাৰ পাছতে চিকিৎসকৰ পৰামৰ্শ মতে পৰিয়ালৰ লোকে তেওঁক লা লিয়ানৰ এখন হাস্পতালত ভৰ্তি কৰায়। কিছুদিনৰ পূৰ্বে সম্পূৰ্ণ সুস্থ হৈ হাস্পতালৰ পৰা ৰ’ণ্ডাৰ নিজগৃহলৈ প্ৰত্যাৱৰ্তন ঘটাইছে। ইতিমধ্যে ১০৬ বছৰ বয়স অতিক্ৰম কৰা এনাই। উল্লেখ্য যে, কৰ’না ভাইৰাছক পৰাজিত কৰা সকলৰ ভিতৰত এনাই সম্প্ৰতি স্পেইনৰ সবাতোকৈ বয়স্ক ৰোগী। এই পর্যন্ত কৰ’না ভাইৰাছক পৰাজিত কৰা সবাতোকৈ বয়সীয়া ৰোগী হৈছে নেডাৰলেণ্ডৰ ১০৭ বছৰীয়া বৃদ্ধা কৰ্ণেলিয়া।

Exit mobile version