চতুৰ্থবাৰৰ কাৰণে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত বাৰ্তালাপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

NARENDRAMODI

কৰ’না ভাইৰাছক প্ৰতিৰোধ কৰিবৰ কাৰণে দ্বিতীয় বাৰৰ কাৰণে দেশত প্ৰযোজ্য কৰা তলাবন্ধৰ সময়সীমা ৩ মে’ত অন্ত পৰিব ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সোমবাৰে দেশৰ মুখ্যমন্ত্ৰীসকলৰ লগত কৰ’না ভাইৰাছৰ সম্পৰ্কত প্ৰায় ২ ঘন্টা সময় এলানি আলোচনা কৰে ৷ সময়ৰ অভাৱৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে মাত্ৰ নজন মুখ্যমন্ত্ৰীৰ লগত কৰ’নাৰ সন্দৰ্ভত মতবিনিময় কৰিব পাৰে ৷ ইফালে কৰ’না ভাইৰাছৰ দৰে মহামাৰীৰ সময়ত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীৰ লগত চতুৰ্থবাৰৰ কাৰণে ভিডিঅ’ কনফাৰেন্সৰ যোগেৰে কথা পাতিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীয়ে মুখ্যমন্ত্ৰীসকলৰ  লগত কৰ’না ভাইৰাছ তথা তলাবন্ধৰ সম্পৰ্কত আলোচনা কৰে ৷

 

 

পূৰ্বে ২০ আৰু ২৫ এপ্ৰিলত দেশৰ আৰ্থিক অৱস্থা সৱলীকৰণৰ ক্ষেত্ৰত তলাবন্ধ শিথিল কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ অৱশ্যে কৰ’না  ভাইৰাছক প্ৰতিৰোধৰ ক্ষেত্ৰত ৰাজ্যসমূহত কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিব এইসকলবোৰ দায়িত্ব ৰাজ্য চৰকাৰৰ ওপৰত অৰ্পণ কৰিছিল । আনহাতে ২০ মাৰ্চত প্ৰথমবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্যৰ  মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰিছিল ৷ এই সময়ত কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ সম্পৰ্কত আলোচনা কৰিছিল মোদীয়ে ৷ ইয়াৰ পিছত ২ এপ্ৰিলত দ্বিতীয়বাৰৰ কাৰণে আৰু ১১ এপ্ৰিলত তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰীসকলৰ স’তে মতবিনিময় কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ তলাবন্ধৰ প্ৰথম পৰ্যায় অন্ত পৰে ১৪ এপ্ৰিলত ৷ইয়াৰ পূৰ্বে ১১ এপ্ৰিলত মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত তলাবন্ধ বৃদ্ধি কৰাৰ সন্দৰ্ভত চৰ্চা কৰে ৷ সম্প্ৰতি কৰ’না ভাইৰাছৰ কাৰণে সমগ্ৰ দেশতে তলাবন্ধ ঘোষণা কৰা হৈছে । দেশত দিয়া দ্বিতীয় পৰ্যায়ৰ তলাবন্ধৰ অন্ত পৰিব অহা ৩ মে’ত ৷ অৱশ্যে কৰ’না ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি বা হ্ৰাস পোৱাৰ ওপৰত নিৰ্ভৰ কৰিব দেশৰ তৃতীয় পৰ্যায়ৰ তলাবন্ধৰ প্ৰয়োজনীয়তা ৷ কাৰণ কৰ’না ভাইৰাছক প্ৰতিৰোধৰ কাৰণে সামাজিক দূৰত্ব বজাই ৰখাটোৱে একমাত্ৰ উপায় বুলি ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাৰ লগতে বিশ্বৰ বহু প্ৰভাৱশালী নেতৃত্বই মত প্ৰকাশ কৰিছে ৷

 

Exit mobile version