চিকাগোত সাত হেজাৰ টকাৰ বিলৰ নামত দোকানে আদায় কৰিলে ন লাখ টকা 

SIKAGO

A customer wearing a face mask and gloves goes shopping in the early morning in a supermarket in the Berlin district of Friedenau, Germany, Tuesday, March 17, 2020 In order to slow down the spread of the coronavirus, the German government has considerably restricted public life. Only for most people, the new coronavirus causes only mild or moderate symptoms, such as fever and cough. For some, especially older adults and people with existing health problems, it can cause more severe illness, including pneumonia. (Kay Nietfeld/dpa via AP)

সাত হেজাৰ টকাৰ সামগ্ৰী ক্ৰয় কৰি বিল আদায় দিবলগীয়া হ’ল ন লাখ টকাৰ ।এই ঘটনাটো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ।ঘটনাটোৰ বলি হ’ল নিক ব্লানুচা নামৰ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ নাগৰিক জন ।নিক ব্লানুচে  চিকাগোস্থিত ছাউথ লুপৰ এখন  দোকানত ক্ৰয় কৰিব গৈছিল কিছু নিত্য প্ৰয়োজনীয় সামগ্ৰী ।
সামগ্ৰী খিনিৰ বিল আদায় দি ঘৰলৈ উভতি গৈ নিকে দেখিলে নিজ একাউন্টৰ পৰা সমস্ত ধন উধাও হৈছে ।লগে লগে মূৰত ওপৰত আকাশ ভাঙি পৰা যেন অনুভৱ হ’ল নিকৰ ।একাউন্টৰ ধন পৰীক্ষা কৰি নিকৰ চকু কপালত উঠিল ।কিয়নো দোকানখনৰ বিল আদায়ৰ সময়তে নিকৰ একাউন্টৰ পৰা ১১হেজাৰ ৫৫২ মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্ৰায় ৮লাখ ৮০ হেজাৰ টকা উধাও হৈছে।
উল্লেখ্য যে নিকে ক্ৰয় কৰা সামগ্ৰীৰ বিল হৈছিল ৯০মাৰ্কিন ডলাৰ অৰ্থাৎ ভাৰতীয় মুদ্ৰাত প্রায় ছহেজাৰ ৮৫৩ টকা ।নিকে লগে লগে পুনৰ দোকান খনত উপস্থিত হৈ বিল খনৰ সন্দৰ্ভত সকলো  বিৱৰি কয়।দোকানৰ প্ৰবন্ধকেও দেখিবলৈ পায় সচাঁকৈয়ে গ্ৰহকজনৰ পৰা আদায় কৰা হৈছে অবিশ্বাস্য পৰিমাণৰ ধন ।নিজৰ ভুল বুজিব পাৰি দোকানৰ প্ৰবন্ধকে সকলো গণ্ডগোল দূৰ কৰিবলৈ নিৰ্দেশ দিয়ে সংশ্লিষ্ট কৰ্মীক।
সেই সন্দৰ্ভত নিকক জনোৱা হয় যে চাৰি-পাঁচ দিনৰ পাছতে বেংক একাউন্টত উভতাই দিয়া হ’ব অতিৰিক্তভাৱে আদায় লোৱা বিলৰ বাকী ধন ।কিন্তু নিকে জনায় যে অতি সোনকালেই আৰু বহুকেইখন বিল পৰিশোধ কৰিবলগীয়া আছে ।ইয়াৰ ভিতৰত ফোনৰ বিল আৰু পাৰ্কিঙৰ লিজৰ টকাও দিবলগীয়া আছে ।এই ধন দিওঁতে পলম হ’লে সমস্যাৰ সৃষ্টি হ’ব ।
সেইবাবে নিকক তৎকালে ধন ওভতাই দিব লাগে ।ইয়াৰ পাছত ঘৰলৈ উভতি যায় নিক ।কিছু সময় পাছতে নিকক দোকান খনৰ প্ৰবন্ধকে পুনৰ মাতি পঠিয়ায়।নিকৰ হাতত তুলি দিয়া হয় ২৫০ মাৰ্কিন ডলাৰ।ভাৰতীয় মুদ্ৰাত ১৯হেজাৰ টকা।এই ধন ৰাশি দিয়া হয় যাতে নিকে কোনো আৰ্থিক সমস্যাৰ সন্মুখীন নহয়।
পৰৱৰ্তী সময়ত দোকানৰ পৰা জনোৱা হয় যে নিকৰ বেংক একাউণ্টত যি টকা কটা গৈছিল সেই টকা পুনৰ ওভতাই দিয়া হৈছে।আনকি সামগ্ৰীৰ বিল হিচাপে যি ৯০ মাৰ্কিন ডলাৰ দিছিলে সেই টকাও ওভতাই দিয়া হয় ।তদুপৰি ইয়াৰ মাজতে যদি নিকৰ কোনো আৰ্থিক ক্ষতি হয় তেনে ক্ষতিও পূৰ্ণ কৰি দিয়া হ’ব ।শেষ পৰ্যন্ত অৱশ্যে নিকৰে লাভ হ’ল।সন্মুখীন নহ’ল কোনো ক্ষতিৰ।
Exit mobile version