তলাবন্ধৰ প্ৰভাৱ : জামুগুৰিহাটত ৫০ বিঘা মাটিৰ ২৫ লক্ষ টকা মূল্যৰ ফচল নষ্ট

nawduwar

কৰ’না  ভাইৰাছৰ সংক্ৰমণৰ পৰা দেশৰ লগতে  ৰাজ্যখনৰ জনসাধাৰণক ৰক্ষা কৰিবৰ বাবে চৰকাৰে ঘোষণা কৰা তলাবন্ধই বাৰুকৈয়ে জুৰুলা কৰিছে সাধাৰণ কৃষক ৰাইজক। এক কথাত ৰাজ্যখনৰ আন আন জিলাৰ লগতে শোণিতপুৰ জিলাৰ বৃহত্তৰ জামুগুৰিহাটৰ শ শ কৃষকক  মাধমাৰ সোধাইছে এই তলাবন্ধই । চতিয়া বিধান সভা সমষ্টিৰ নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জামুগুৰিহাটৰ কেতবোৰ অঞ্চলত ফলে-ফুলে জাতিষ্কাৰ হৈ থকা শাক-পাচলিৰ পথাৰবোৰ এফালৰ পৰা জহি-খহি যোৱাৰ দৃশ্য বৰ্তমান সময়ত সঁচাকৈয়ে মৰ্মান্তিক ।

উল্লেখযোগ্য যে অঞ্চলটোৰ কে’বাটাও কৃষি প্ৰধান এলেকাত প্ৰত্যেক জন কৃষকে  কমেও দহ পোন্ধৰ বিঘা মাটিত কবি ,বেঙেনা,বিলাহী, জলকীয়া, তিয়হ আদিৰ খেতি কৰিছিল যদিও  দুৰ্ভাগ্যজনক ভাৱে দেশত বলবৎ হোৱা তলাবন্ধৰ ফলত  এই ফচলবোৰ বিক্ৰী কৰিব নোৱাৰি কঁপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা ফচল এতিয়া গৰু-ছাগলীক খুৱাব লগা  হৈছে । লমা- লমে লাগি থকা বিলাহী, জলকীয়া,তিয়হ,কবি পুৰঠ হৈ এতিয়া গছতে পকি গেলি-পচি গৈছে। একমাত্ৰ এই কৃষি কাৰ্যৰ জৰিয়তে  পৰিয়াল পোহপাল দি অহা অঞ্চলটোৰ শ শ কৃষক এতিয়া অনিশ্চিত ভৱিষ্যতকলৈ শংকিত হৈ পৰিছে | চকলিয়াঘাটস্থিত বালি চাপৰিৰ ‘মণিকাঞ্চণ’ নামৰ কৃষি গোটতোৰ লগতে গোৱাল বালি চাপৰি, দীঘলী চাপৰি, লালেটাপু, ভৈৰৱী, গতাইমাৰীকে ধৰি একাধিক অঞ্চলত সম্প্ৰতি বিঘাই বিঘাই খেতি নষ্ট হৈ পৰিছে ।

উল্লেখযোগ্য যে নিজকে স্বাৱলম্বী কৰি গঢ়ি তুলিবৰ বাবে শেহতীয়াকৈ উক্ত বালি চাপৰি অঞ্চলৰ কুৰিজন যুৱকে গঠন কৰিছিল “মণিকাঞ্চণ’ নামেৰে এটি কৃষি গোট । বিভিন্ন বেংক তথা বিভিন্ন উৎসৰ পৰা শকত পৰিমাণৰ ধনৰ ঋণ  লৈ দীঘলী চাপৰিৰ প্ৰায় পঞ্চাশ বিঘা মাটিত উন্নত পদ্ধতিৰে আৰম্ভ কৰিছিল বিভিন্ন শাক পাচলিৰ খেতি । জিকা, বন্ধাকবি, বিলাহী, টিয়হ, বেঙেনা, স্কোৱাচ, বদিমাহকে ধৰি বিভিন্ন প্ৰজাতিৰ খেতি কৰাৰ বিপৰীতে বহু কষ্টৰে কৰা উক্ত খেতি লহপহকৈ বাঢ়ি আৰম্ভ হৈছিল উৎপাদন ।

দুৰ্ভাগ্যজনক কথা যে বজাৰত বিক্ৰী কৰি ধন আহৰণ কৰাৰ সময়তে দেশত কৰ’না কেন্দ্ৰীক তলাবন্ধই সকলো শেষ কৰি নিলে । কৃষি কাৰ্যৰ ফচল বিক্ৰী কৰিবলৈ নাপাওঁতেই  বজাৰ বন্ধ হৈ পৰাত গছতে ফচলবোৰ বুঢ়া হবলৈ আৰম্ভ কৰে । অৱশেষত সেই ফচলবোৰ এটা সময়ত গেলিবলৈ পচিবলৈ আৰম্ভ কৰে । গ্ৰাহক তথা বজাৰৰ অভাৱত সেইবোৰ যিমান পাৰি সিমান গৰু – ছাগলীক খুৱাৰ বাদে কুৰিজনীয়া কৃষি গোটটোৰ গত্যন্তৰ নোহোৱা হয় । সম্প্ৰতি উক্ত কৃষি ভূমিত ফচলৰ গেলা গোন্ধৰে আৱৰি ধৰা দৃশ্য সচাকৈ দুখ জনক । কে’বা লাখ টকা ধাৰে লৈ কপালৰ ঘাম মাটিত পেলাই কৰা এই ফচলৰ জৰিয়তে নিজকে স্বাৱলম্বী কৰি তোলাৰ সপোন সপোন হৈয়ে ৰোৱাত ভয়ংকৰ অনিশ্চয়তাত ভুগিছে গোটটোৱে ।

জানিব পৰা মতে প্ৰায় ২৫ লাখ টকাৰ মূল্যৰ ফচল ইতিমধ্যে তলাবন্ধৰ ফলত নষ্ট হৈছে । এনে পৰিপেক্ষিতত ধাৰে লোৱা বৃহৎ অংকৰ টকা কেনেকৈ পৰিশোধ কৰিব তাৰ চিন্তাত এতিয়া সময় পাৰ কৰিছে গোটটোৰ সদস্য সকলে ।  তদুপৰি অঞ্চলটোৰ ধলাইবিল, ৰঙাচকুৱা, টুপীয়া, মৰিসূতি, হাতীঙা, কুসুমটোলা, চামধৰাকে আদি কৰি কৃষি কৰ্মৰে জীৱন নিৰ্বাহ কৰা একাংশ কৃষকৰো উৎপাদিত ফচল গছতে নষ্ট হৈ পৰাত আহি থকা দিনকলৈ শংকিত হৈ পৰা দেখা গৈছে কৃষকসকল ।

Exit mobile version