তলাবন্ধৰ মাজতে দেওবাৰে তিতাবৰ মহকুমাৰ বেকাজান সীমান্তত সৃষ্টি হৈছে উত্তেজনা। বেকাজান আৰক্ষী চকীৰ পৰা কিছু দূৰত্বৰ নগা পাহাৰৰ দাঁতিত নগাই কৌশলেৰে এখন পকী গেটৰ নিৰ্মাণ আৰম্ভ কৰাক লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিবেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে অসম আৰু নগালেণ্ডৰ সীমা আজিকোপতি নিৰ্ধাৰণ হোৱা নাই যদিও পাহাৰৰ দাঁতি কাষৰীয়া ভূ-খণ্ডক নগাই নিজৰ বুলি দাবী কৰাক লৈ সীমান্তত সময়ে সময়ে বিবাদ সৃষ্টি হৈ আহিছে। নগাই পুনৰ অতি কৌশলেৰে বেকাজান সীমান্তৰ এই বিবাদমান এলেকাটোত এখন পকী গেট বনাবলৈ লোৱাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰে।
ঘটনাটোৰ সন্দৰ্ভত তিতাবৰ মহকুমা প্ৰশাসনৰ অৱগত হোৱাৰ ততাতৈয়াকৈ দেওবাৰে বিয়লি এটা দল আহি গেট নিৰ্মাণস্থলীত উপস্থিত হয়। তিতাবৰৰ চক্ৰ বিষয়া মিতালী লাহন, মহকুমা আৰক্ষী বিষয়া অমৃত হোজাই, বৰহোলা থানাৰ অ’ চি মিণ্টু সন্দিকৈ, বেকাজানৰ আই চি গোপাল দলে উপস্থিত থকা দলটোৱে গেট নিৰ্মাণ স্থলীতে নগালেণ্ডৰ ঊষা জিলা কাউন্সিলৰ লগতে কে’বাজনো বিষয়-ববীয়াৰ লগত এক আলোচনাত মিলিত হয়। আলোচনাত উক্ত এলেকাটো অসমৰ অন্তৰ্ভুক্ত বুলি জোখ-মাখত প্ৰমান হ’লে লগে লগে গেটখন উচ্ছেদ কৰি দিব বুলি মত ব্যক্ত কৰে নগালেণ্ড কাউন্সিলে। ইফালে এলেকাটোৰ জোখ-মাখ শীঘ্ৰে আৰম্ভ কৰিব বুলি তিতাবৰ মহকুমা প্ৰশাসনে জানিবলৈ দিয়ে।
উল্লেখ্য যে, সীমা সমস্যাক কেন্দ্ৰ কৰি সময়ে সময়ে যোৰহাট আৰু গোলাঘাট জিলাৰ সীমান্ত অঞ্চলসমূহত নগা আৰু অসমীয়াৰ মাজত বিবাদ সৃষ্টি হৈ আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৰাজ্যদুখনৰ এই দীৰ্ঘদিনীয়া সমস্যাটো নিষ্পত্তিৰ ক্ষেত্ৰত বছৰে বছৰে মাথো প্ৰৱঞ্চনাহে কৰি আহিছে বুলি বেকাজানৰ সচেতন মহলেআজিও ক্ষোভ ব্যক্ত কৰে। সীমান্তৰ সৰ্বসাধাৰণ ৰাইজৰ সৰলতাৰ সুযোগ লৈ একাংশ নগাই বিবাদমান এলেকাত এনেদৰে নিৰ্মাণ কৰিবলৈ লোৱা গেট শীঘ্ৰে উচ্ছেদ কৰিবলৈ প্ৰশাসনক বেকাজানৰ ৰাইজে দাবী জনাইছে।