মূল্যাংকণ সম্পূৰ্ণ মেট্ৰিকৰ উত্তৰবহী

তলাবন্ধৰ মাজতে অসম মাধ্যমিক শিক্ষা পৰিসদে সম্পূৰ্ণ কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তৰবহীৰ মূল্যাংকণৰ কাম। ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৩৯টা মণ্ডলত মূল্যাংকণ কৰা বহী সমূহ পৰ্যায় কমে তলা বন্ধৰ মাজতে ছেবাৰ কাৰ্যালয়লৈ অনা  হ’ল। ঠিক সেইদৰে আজি অসম ৰাজ্যিক পৰিবহণ নিগমৰ দুখন বাছ আৰু এখিন উংইগাৰত তিনিচুকীয়া, মাৰ্ঘেৰিটা আৰু হাইলাকান্দিৰ পৰা বামুণীমৈদাম স্থিত ছেবাৰ কাৰ্যালয়লৈ অনা হয় বহী সমূহ। এই সংক্ৰান্তত ছেবাৰ সচিব সুৰঞ্জনা সেনাপতিয়ে কয়, ‘মেট্ৰিক পৰীক্ষাৰ ফলাফল ৰ প্ৰথম পৰ্যায়ৰ কাম ইতিমধ্যে সম্পন্ন হৈছে। কাইলৈৰ পৰা ফলাফল ঘোষণাৰ বাবে প্ৰস্তুতি আৰম্ভ হব। সকলো ঠিকে থাকিলে ১৫-২০ দিনৰ ভিতৰতে আশাৰে বাট চাই ৰোৱা শিক্ষাৰ্থী সকলে ফলাফল পাব।’
তেওঁ কয় যে এই ফলাফলত কোনো নতুনত্ব নাই। কাৰণ বিগত বৰ্ষটো আমি মে’তে ফলাফল ঘোষণা কৰিছিলো। হয়তো তলাবন্ধৰ ফলত এইবাৰ ফলাফল ঘোষণা পিছুৱাই যাব বুলি বহুতে ধাৰণা কৰিছিল। চিন্তাৰ কোনো কাৰণ নাই বুলি মত ব্যক্ত কৰি ছেবাৰ সচিব জনে কয় যে যদি কিবা অসুবিধা হয় জুনৰ প্ৰথম বা দ্বিতীয় সপ্তাহলৈ যাব পাৰে। তথাপিও আমি মে’ৰ শেষৰ ফালে  নাইবা তৃতীয় সপ্তাহতে ফলাফল ঘোষণা কৰিবলৈ প্ৰস্তুতি হাতত লৈছো। উল্লেখ্য যে চলিত বৰ্ষৰ ১০ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৰাজ্যৰ ৮৬০ কেন্দ্ৰত অনুষ্ঠিত হৈছিল।
Exit mobile version