ৰাজস্থান কোটাৰ পৰা অহা ৩৯১ জন শিক্ষাৰ্থীত অসমত উপস্থিত

IMG 20200427 WA0010
 ১৪ দিনৰ বাবে সৰুসজাইত কোৱাৰেণ্টাইন 
ৰাজস্থান কোটাৰ পৰা এক দীঘলীয়া যাত্ৰা অতিক্ৰমি  পৰা অৱশেষত  উপস্থিত হ’ল অসমৰ ৩৯১ জন শিক্ষাৰ্থী | সোমবাৰে পুৱতি নিশা প্ৰায় তিনি বজাত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শিক্ষাৰ্থসকলক সাক্ষাৎ কৰি  অতি আনন্দেৰে অসমত উপস্থিত হোৱা বুলি মত পোষণ কৰে ৷ পৰিয়ালৰ লগতে তেওঁলোকৰ নিজ সুৰক্ষাৰ হেতু শিক্ষাৰ্থীসকলক ১৪ দিনৰ বাবে আছুতীয়াকৈ ৰখা হ’ব বুলি মন্ত্ৰীজনে উল্লেখ কৰি  কয় যে, মন্ত্ৰী পীযুষ হাজৰিকাৰ স’তে আহি  শিক্ষাৰ্থীসকলক স্বাগতম জনোৱাৰ লগতে সৰুসজাই ষ্টেডিয়ামলৈ তেওঁলোকৰ লৈ যোৱাৰ প্ৰক্ৰিয়া যাতে সুষম হয় সেয়া তদাৰক কৰিলোঁ ৷
উল্লেখ্য যে পুৱা আকৌ মন্ত্ৰীজনে ৰাজ্যলৈ ওভটি অহা এই ৩৯১ জন শিক্ষাৰ্থীক সৰুসজাই ষ্টেডিয়ামত  সাক্ষাৎ কৰি মত বিনিময় কৰে ৷ এই দীঘলীয়া যাত্ৰাৰ অন্তত তেওঁলোকে ১৪ দিনৰ বাবে বাধ্যতামূলকভাবে আছুতীয়াকৈ থাকিব লগাৰ বিধিসমূহৰ বিষয়ে বুজাই দি মন্ত্ৰী জনে ছাত্ৰ সকলক সৰুসজাইত আৰু ছাত্ৰীসকলক হোটেলত কোৱাৰেণ্টাইন কৰাৰ কথা উল্লেখ কৰে ৷
Exit mobile version