তলাবন্ধৰ মাজতে শনিবাৰে নিশা তেজপুৰৰ গৰৈমাৰীস্থিত ভাৰতীয় ষ্টেট বেংকৰ এটা এটিএম ভাঙি টকা নিবলৈ ব্যৰ্থ হোৱা বিমান দাস(২৮) নামৰ অভিযুক্ত জনক শালনীবাৰী আৰক্ষীয়ে দেওবাৰে পুৱা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। প্ৰাপ্ত তথ্য অনুসৰি কোকৰাঝাৰৰ এই যুৱকজনে গৰৈমাৰীত কিছু দিন ধৰি এখন দোকান দি আছিল আৰু শনিবাৰে নিশা এটিএমটোত প্ৰৱেশ কৰি ধন লুটৰ অপচেষ্টা চলাই য’দিও ধন ব্যৰ্থ হয় ৷
এ টি এম যন্ত্ৰটো ক্ষতিগ্ৰস্ত হয় যদিও সনিবিষ্ট থকা কেমেৰাত সকলো বন্দী হোৱা পাছত আৰক্ষীয়ে সকলো দৃশ্য পৰীক্ষা কৰি দাসক গৰৈমাৰীৰ পৰাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ আৰক্ষীৰ আগত গ্ৰেপ্তাৰ হোৱা বিমানে এটিএম যন্ত্ৰটো ভাঙিবলৈ ব্যৱহাৰ কৰা আৰু এ টিএমটোৰ ভিতৰত উদ্ধাৰ হোৱা এডাল ৰ’ড তেওঁৱেই অনা বুলি স্বীকাৰ কৰিছে।