অসম চাহ কোম্পানীৰ অধীনস্থ ১৪ খন চাহ বাগিচাৰ শ্ৰমিকৰ ভৱিষ্যত বিপৰ্যয়মুখী পথত

assam tea

১৮৩৯তে স্থাপিত হোৱা তথা ৰাজ্যখনৰ বৃহৎ চাহ কোম্পানী হিচাপে জনাজাত অসম চাহ কোম্পানীৰ প্ৰধান স্বত্বাধিকাৰী বি আৰ শেঠী শেহতীয়াকৈ বিত্তীয় কেলেংকাৰীত জড়িত হোৱা বাতৰিয়ে ৰাজ্যৰ বাণিজ্য মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰাজ্যৰ ১৪ খন চাহ বাগিচাৰ প্রায় ৫০ হাজাৰ শ্ৰমিক কৰ্মচাৰীসকল সম্প্ৰতি চিন্তিত হৈ পৰিছে।

অসম চাহ কোম্পানীৰ অন্তর্গত ডোমৰ দলং, খুমটাই, হাজোৱা, মহখুঁটি, মাইজান, গ্ৰীণউদ, বৰবৰুৱা, নাদুৱা, দীঘলতৰংগ, অকলেণ্ড, কুন্দুলী, ৰঙাগড়া, দীনজান আৰু হেজেলেবেং চাহ বাগিচাত নেতিবাচক প্ৰভাৱ পৰিব বুলি শংকাৰ সৃষ্টি হৈছে।এনে অৱস্থাত ইয়াৰ প্ৰায় ৫০ হেজাৰ স্থায়ী- অস্থায়ী শ্ৰমিকৰ জীৱনলৈ অন্ধকাৰ নামি আহিব বুলি সদৌ আদিবাসী ছাত্ৰ সন্থাই (আছা)।

এই সময়তো ৰাজ্যখনৰ উদ্যোগমন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে ৰহস্যজনক মৌনতা অৱলম্বন কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আছাই।

আছাৰ সভাপতি ষ্টিফেন লাক্ৰা আৰু সাধাৰণ সম্পাদক দেবেন উৰাঙে  প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে চাহ শ্ৰমিকৰ অনাগত দিনৰ এই ভয়ংকৰ বিপৰ্যয়ৰ সময়তো ৰাজ্যখনৰ এনে স্পৰ্শকাতৰ বিষয়টো লৈ অসম চাহ কোম্পানীটোৰ উচ্চপদস্থ বিষয়াসকল সম্প্ৰতি মৌনতা অৱলম্বন কৰা বিষয়টো যথেষ্ট উদ্বেগজনক।

সংগঠনটোৱে উল্লেখ কৰা অনুসৰি , বিগত দিনত ইংৰাজ মালিকনাধীন কোম্পানীটো প্রথমে জাজ’দিয়া গ্ৰুপে ক্ৰয় কৰিছিল, কিন্তু বেংকৰ ঋণৰ বোজা পৰিশোধ কৰিব নোৱাৰাত নেচনেল কোম্পানী ল’ ট্ৰিবিউনেলে অসম কোম্পানীক দেউলীয়া ঘোষণা কৰি নিলামৰ আদেশ দিয়ে আৰু চৰকাৰৰ হস্তক্ষেপৰ যোগেদি নিলাম হোৱাত যোৱা তিনিবছৰ ধৰি উক্ত কোম্পানী মধ্যপ্ৰাচ্যৰ ব্যৱসায়ী বি আৰ শেঠীয়ে ক্ৰয় কৰাত কোম্পানীটোত কৰ্মৰত হাজাৰ হাজাৰ শ্ৰমিকৰ মাজত আশাৰ সঞ্চাৰ জাগি উঠিছিল যদিও  শেহতীয়া খবৰে শ্ৰমিক সকলক চিন্তিত কৰি তুলিছে।

অন্যহাতে, নিলামৰ সময়ত বি আৰ শেঠী গ্রুপৰ নথি-পত্ৰ পৰীক্ষা নকৰাকৈ গতাই দিয়া হৈছিল বুলি নেকি বুলিও আছাই প্ৰশ্ন উত্থাপন কৰে। লগতে এই বিষয়টোৰ সম্পৰ্কত অসম চৰকাৰৰ হস্তক্ষেপ আছা’ই দাবী কৰে আৰু কোনো কাৰণত যাতে এই ১৪ খন চাহ বাগিচাৰ শ্ৰমিক কৰ্মচাৰীৰ অসুবিধা নহয় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ অনুৰোধ জনায় ।

Exit mobile version