দেশত অব্যাহত থকা থকা দ্বিতীয় পৰ্যায়ৰ মাজতে ৰাজ্য চৰকাৰে যোৱা ২৫ এপ্ৰলিৰ পৰা মুকলি কৰা আন্ত:জিলা যাতায়ত ব্যৱস্থাৰ অনুমতি লব’লৈ মঙ্গলবাৰেও কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত দীঘলীয়া শাৰী পৰিলক্ষিত হৈছে | উল্লেখ্য যোৱা তিনিটা দিনত ব্যক্তিগত বাহন থকা লোকসকলক কেৱল একমুখী যাত্ৰাৰ বাবে ৰাজ্য চৰকাৰে অনুমতি প্ৰদান কৰিছিল যদিও মঙ্গলবাৰৰ পৰা অহা-যোৱা কৰিব পৰাকৈ অনুমতি প্ৰদানৰ ব্যৱস্থা কৰিছে |
যাৰ পৰিপ্ৰেক্ষিতত ব্যক্তিগত বাহন থকা লোকসকলে ৰাজ্যৰ ভিন্ন স্থানত আবদ্ধ হৈ থকা লোকসকলক বাহন লৈ ওভতাই আনিবলৈ যাবৰ বাবে অনুমতি মঙ্গলবাৰেও এই দৰে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে | তাৰ মাজতে মঙ্গলবাৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ বিশ্বজিৎ পেগুৱে অনুমতি প্ৰদান কৰি থকাৰ স্থানত উপস্থিত হৈ সকলো দিশ তদাৰক কৰিছে |