উত্তৰ গুৱাহাটীৰ ১৭ খন গাঁওৰ বাৰশ পৰিয়ালক বেংক অৱ ইণ্ডিয়াৰ সাহাৰ্য বিতৰণ 

bank of india presentation 1 638

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৰ’না ভাইৰাছক সংক্ৰমণ ৰোধৰ কাৰণে ৪২ দিনীয়া তলাবন্ধৰ সময়ত সমাজৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসকলক চৰকাৰে সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে । এই সময়তে দেশৰ আগশাৰীৰ বেংক প্ৰতিষ্ঠান বেংক অৱ ইণ্ডিয়া, গুৱাহাটী জ’নৰ আঞ্চলিক শাখা প্ৰবন্ধক অমিতাভ বেনাৰ্জীৰ তত্বাৱধানত বেংক অৱ ইণ্ডিয়াৰ অভয়পুৰ শাখা আৰু আমিনগাঁও শাখাৰ সহযোগত আজি বৃহত্তৰ উত্তৰ গুৱাহাটী অঞ্চলৰ বাৰশ পৰিয়ালক চাউল, দালি, আলু, পিয়াঁজ, মিঠাতেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে।

তেওঁলোকে খাদ্য-সামগ্ৰীসমূহ গাড়ীত লৈ উত্তৰ গুৱাহাটী অভয়পুৰ, শিলসাকো, বৰলাবাৰী, ৰংমহল, ৰজাদুৱাৰ, ৰুদ্ৰেশ্বৰ, ৰহধলা, ভেটামুখ, গৌৰীপুৰকে ধৰি ১৭ খন গাঁৱত গৈ গাঁওবুঢ়াত জৰিয়তে সামাজিক দূৰত্ব বজাই ৰাখি সামগ্ৰী বিতৰণ কৰে । তাৰোপৰি উত্তৰ গুৱাহাটীস্থিত শিশুৰ আশ্ৰয় গৃহ শিশুগ্ৰামতো বেংকৰসমূহ বিষয়াববীয়া উপস্থিত হৈ খাদ্য সামগ্ৰী বিতৰণ কৰে । উল্লেখযোগ্য যে খাদ্য সামগ্ৰী বিতৰণ অনুষ্ঠানত বেংক অৱ ইণ্ডিয়া অভয়পুৰ শাখাৰ গাণনিক ৰবিন গোস্বামী, বিষয়া স্মৃতা বৰ্মন, কৰ্মচাৰী ৰমেন বৈশ্য, মিন্টু বৰা প্ৰমুখ্যে কেইবাগৰাকী বিষয়ববীয়াই অংশ গ্ৰহণ কৰে ৷

Exit mobile version