ক’ভিড-১৯ কিটৰ নামত চীনৰ প্ৰবঞ্চনা

140290 qquzubhoja 1587521547
ক’ভিড-১৯ ৰ দ্ৰুত পৰীক্ষাৰ বাবে চীনে যোগান ধৰা নিম্নমানৰ বুলি ভাৰতীয় চিকিৎসক গৱেষণা পৰিষদ অৰ্থাৎ আই চি এম আৰে নিশ্চিত কৰিছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ভাৰতত ক’ভিড ১৯ প্ৰতিৰোধ অভিযানৰ ন’ভেল সংস্থাটোৱে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্য সচিবসকললৈ প্ৰেৰণ কৰা এখন পত্ৰৰ জৰিয়তে এই চীনা কিটবোৰৰ দ্বাৰা ভাইৰাছ পৰীক্ষা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । উল্লেখযোগ্য যে চলিত মাহত ভাৰতে পাঁচ লক্ষাধিক কিট আমদানি কৰিছিল । সেইবোৰ বিভিন্ন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছিল ৷ কিন্তু কিটবোৰ নিম্নমানৰ বুলি ৰাজস্থান,পশ্চিমবংগকে ধৰি একাংশ ৰাজ্যই অভিযোগ কৰিছিল।
ৰাজস্থানে অভিযোগ কৰে যে এই কিটবোৰৰ দ্বাৰা সঠিক ফলাফল পোৱা নাযায়। ইয়াৰ পৰিপ্ৰেক্ষিতত আই চি এম আৰে সকলো ৰাজ্যকে তেনে কিটৰ দ্বাৰা পৰীক্ষা সাময়িকভাৱে স্থগিত ৰাখিবলৈ আহ্বান জনায়। আনহাতে আই চি এম আৰৰ প্ৰতিনিধিৰ জৰিয়তে দিল্লীত নমুনা পৰীক্ষা কৰোতেই একাংশ ৰাজ্যৰ অভিযোগৰ সত্যতা প্ৰমাণিত হয় । যাৰ কাৰণে ইতিমধ্যে সংস্থাটোৱে মুখ্য সচিবসকললৈ পত্ৰ প্ৰেৰণ কৰি এনে পৰীক্ষা বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে । আনহাতে ৰাজ্যবোৰক অন্ততঃ দুদিনলৈ নতুন কিটৰ দ্বাৰা পৰীক্ষা বন্ধ ৰাখিবলৈ যোৱা ২১ মাৰ্চত আই চি এম আৰে নিৰ্দেশ দিছিল৷ অৱশ্যে অসমত যোৱা ২৩ মাৰ্চত ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ বিলাসী এপাৰ্টমেণ্ট স্পেনিছ গাৰ্ডেনত ৯২ জন লোকৰ দ্ৰুত পৰীক্ষা সম্পন্ন কৰে ।
চীনৰ গুৱাংজু ওণ্ডফো বায়’টেক আৰু ঝুহাই লিভজন ডায়গন’ষ্টিক নামৰ দুটা প্ৰতিষ্ঠানৰ পৰা আই চি এম আৰে আমদানি কৰা কিটবোৰৰ ৯৬০০ টা অসমে লাভ কৰিছিল । চীনে ভাৰতক কৰা প্ৰতাৰণা আকৌ এবাৰ কিটবোৰৰ দ্বাৰাই প্ৰমাণিত হ’ল ৷ ইফালে আই চি এম আৰে নিম্নমানৰ বুলি নিশ্চিত কৰা দ্ৰুত পৰীক্ষাৰ কিট অসমৰ স্বাস্থ্য বিভাগে নিজাববীয়াকৈ চীনৰ পৰা ক্ৰয়ৰ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ৷ ভাৰতে যি দুটা প্ৰতিষ্ঠানৰ পৰা কিটবোৰ ক্ৰয় কৰিছে তাৰ পৰাই অসমেও ক্ৰয়ৰ সিদ্ধান্ত লোৱা বুলি সদৰি কৰে মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ সেয়েহে আই চি এম আৰৰ ঘোষণাই অসমৰ স্বাস্থ্য বিভাগৰ অংকত আউল লগোৱাত আশংকাই দেখা দিছে। আই চি এম আৰৰ স্পষ্ট মত যে চীনৰ দ্ৰুত কিটবোৰৰ পৰা বিশ্বাসযোগ্য ফলাফল লাভ কৰাটো সম্ভৱ নহয় ।
Exit mobile version