কৰ’না যুদ্ধত জয়ৰ দিশত ইটালী

C
কৰ’নাৰ দপদপনিত মৃত্যুৰ সমদল প্ৰত্যক্ষ কৰিছে ইটালীয়ে ৷ইউৰোপৰ ভিতৰত  সৰ্বাধিক সংখ্যক লোকে এই দেশত প্ৰাণ হেৰুৱাইছে ।কৰ’নাৰ কৰাল গ্ৰাসত ইটালী যেন মৃত্যু উপত্যকাত পৰিণত হ’ল ৷ লাহে লাহে এইবোৰ অতীত হ’বলৈ ধৰিছে ।পৰিস্থিতি ক্ৰমাৎ উন্নত হ’বলৈ ধৰিছে ৷ কৰ’নাৰ বিৰুদ্ধে যুঁজত থিয় দিবলৈ ধৰিছে ইউৰোপৰ অন্যতম ঐতিহ্যবাসী দেশ ইটালী।
সোমবাৰে কৰ’নাৰ প্ৰভাৱত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ২৬০ জন  ৷ এই সংখ্যা যোৱা ২৪ মাৰ্চৰ পৰা কালিৰ ভিতৰত সৰ্বনিম্ন ।এই পৰিস্থিতিত কৰ’না নিয়ন্ত্ৰণলৈ অহা বুলি ধাৰণা কৰিছে ইটালীৰ চৰকাৰে ।সেয়েহে বিধি নিষেধ কিছু শিথিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।সূত্ৰত প্ৰকাশ যে আগন্তুক চাৰি মে’ৰ পৰা লাহে লাহে নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হ’ব ৷
প্ৰাথমিকভাৱে মানুহক নিজস্ব অঞ্চলত চলা ফিৰাৰ অনুমতি দিয়া হ’ব ।শেষকৃত্যৰ অনুমতি দিয়া হৈছে ।তদুপৰি এথলীটসকলৰ প্ৰশিক্ষণৰ অনুমতি দিয়া হ’ব ।অহা চাৰি মে’ৰ পৰা খুলিব বাৰ আৰু ৰেস্তোৰাঁ ৷ এতিয়াও বন্ধ হৈ থকা দোকান পোহাৰ  ১৮ মে’ৰ পৰা খোলা হ’ব।
সেইদিনাৰ পৰাই খেলুৱৈসকলে অনুশীলন কৰিব পাৰিব ।এক জুনৰ পৰা চেলুন আৰু বিউটিপাৰ্লাৰ খুলিবলৈ দিয়া হ’ব ।ইটালীৰ দৰে ইউৰোপৰ আন কে’বাখনো দেশে তলাবন্ধ শিথিল কৰাৰ কথা ভাবিছে ।মাৰাত্মকভাৱে সংক্ৰমিত আন এখন দেশ স্পেইনে লাহে লাহে তলাবন্ধ শিথিল কৰিছে ।
ফান্সত ইতিমধ্যে বিভিন্ন ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে। ছুইজাৰলেণ্ডত শিথিল হৈছে তলাবন্ধ ৷ব্ৰিটেইনত উল্লেখযোগ্যভাৱে সংক্ৰমণৰ গতি হ্ৰাস পাইছে। ইতিমধ্যে কৰ’না যুঁজত জয়ী হৈ পুনৰ সুস্থ ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন নিজ কৰ্তব্যলৈ উভতিছে। ব্ৰিটেইনত শীঘ্ৰে তলাবন্ধ প্ৰত্যাহাৰৰ বাবে তেওঁ চিন্তা চৰ্চা কৰিছ ৷
ADVERTISEMENT
Exit mobile version