চৰকাৰী সাহায্যৰে এক কোটি ৩৪লাখ ভাৰতীয়ৰ জীৱন-নিৰ্বাহ 

তলাবন্ধৰ পৰিপ্ৰেক্ষিতত এক কোটি ৩৪লাখ ভাৰতীয়ই চৰকাৰী সাহায্যৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে।দেশত স্থাপন কৰিবলগীয়া হৈছে ৩৭হেজাৰ ৯৭৮টা আশ্ৰয় শিবিৰ । উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা প্ৰতিবেদনত এই পৰিসংখ্যা প্ৰকাশ পাইছে । এই তলাবন্ধৰ ফলাফল কিমান ভয়াবহ হ’ব সেই কথা উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা প্ৰতিবেদনৰ পৃষ্ঠাই পৃষ্ঠাই আছে ।
এই প্ৰতিবেদনখনত স্পষ্ট ৰূপত প্ৰকাশ পাইছে যে যোৱা ৩১ মাৰ্চৰ পৰা ১২ এপ্ৰিলৰ মাজৰ পষেকটোত চৰকাৰী সহায্যৰে গঠিত আশ্ৰয় শিবিৰত কিদৰে দ্বিগুণলৈ বৃদ্ধি পাইছে আশ্ৰয় প্ৰাৰ্থীৰ সংখ্যা। প্ৰতিবেদন খনৰ পৰিসংখ্যা অনুসৰি ১২এপ্ৰিল পৰ্যন্ত আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা হৈছে ১৪লাখ ৩০হেজাৰ গৰাকী । কিন্তু ৩১ মাৰ্চলৈ আশ্ৰয় শিবিৰত থকা লোকৰ সংখ্যা আছিল ছয় লাখ ৬০ হেজাৰ । ৩১মাৰ্চ পৰ্যন্ত দেশত আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছিল ২১হেজাৰ ৬৪টা । উক্ত সময়লৈ চৰকাৰী সাহায্যৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিছিল ২২লাখ ৮০ হেজাৰ ভাৰতীয়ই।
উল্লেখ্য যে দেশৰ বিভিন্ন স্থানত থকা পৰিভ্ৰমী শ্ৰমিকসকলক নিজ ঘৰলৈ ওভতাই পঠোৱাৰ দাবীত উচ্চতম ন্যায়ালয়ত এখন আবেদন দাখিল কৰিছে অধিবক্তা অলোক শ্ৰীবাস্তৱে। আজি এই আবেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণৰ সময়ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ক কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্প্ৰতি পৰিভ্ৰমী শ্ৰমিক সকলক নিজ ঘৰলৈ ওভতি যোৱাৰ কোনো প্ৰয়োজন হোৱা নাই বুলি জনোৱা হয় । কিয়নো তলাবন্ধৰ সময়ত এই শ্ৰমিকসকলৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰবাবে চৰকাৰী পৰ্যায়ত সকলো ধৰণৰ ব্যৱস্থা কৰা হৈছে । এটা পষেকতে খাদ্য তথা আশ্ৰয় বিচৰা লোকৰ সংখ্যা লোকৰ সংখ্যা আৰু কে’বাগুণলৈ বৃদ্ধি পোৱাটো নিশ্চিত হৈ পৰিছে । তলাবন্ধৰ প্ৰথম ২৮দিনতে এই শ্ৰমিক সকলৰ জীৱন দুৰ্বিসহ হৈ পৰিছে । কামৰ লগতে অস্থায়ী বাসগৃহ হেৰুৱাই শ্ৰমিকসকল দিশহাৰা হৈ পৰিছে । জীৱন ৰক্ষা কৰিবলৈ চৰকাৰী সাহায্যৰ বাহিৰে অন্য সকলো পথ বন্ধ হৈ পৰিছে এনে লোকসকলৰ।
Exit mobile version